ছলমান খানক হত্যাৰ ছুপাৰি দিয়া লৰেন্স বিষ্ণোই গেঙৰ সদস্যক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ কৰা লৰেন্স বিষ্ণোই গেঙৰ সদস্য সুখা ওৰফে সুখবীৰ বলবীৰ সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি ছলমানক হত্যাৰ চক্ৰান্ত সুখাই ভাড়াত লৈ পাকিস্তানৰ পৰা সৰবৰাহ কৰা আগ্নেয়াস্ত্ৰ গতাই দিছিল। ছলমানক হত্যাৰ ষড়যন্ত্ৰৰ তদন্তত নৱী মুম্বাই আৰক্ষীয়ে হাৰিয়ানাৰ পানীপতৰ পৰা লৰেন্স বিষ্ণোই চক্ৰৰ এই অপৰাধীক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি শুখাই ছলমানক বিষ্ণোইৰ দলৰ এজনক হত্যা কৰিবলৈ টিপ দিছিল। আৰক্ষীৰ মতে, পাকিস্তানী অস্ত্ৰ সৰবৰাহকাৰীৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। যিয়ে পাকিস্তানৰ পৰা AK47, M16 আৰু AK92ৰ দৰে অস্ত্ৰ সৰবৰাহ কৰিছিল। শেহতীয়াকৈ মুম্বাইত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ আঁৰত সুখাই সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে সুখাক আদালতত হাজিৰ কৰা হ’ব বুলি জনাই জিম্মাত লোৱাৰ বাবে অনুৰোধ জনায়। চলিত বৰ্ষৰ ২৪ এপ্ৰিলত নৱী মুম্বাই আৰক্ষীয়ে ছলমানক হত্যাৰ ষড়যন্ত্ৰত বিষ্ণোই চক্ৰৰ ১৮ জন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তাৰে এজন আছিল সুখা ওৰফে বলবীৰ সিং। গেংষ্টাৰ লৰেন্স বিষ্ণোই, তেওঁৰ ভাতৃ অনমোল, সম্পত নেহৰা, গোল্ডি ব্ৰাৰ আৰু ৰোহিত গোধৰাৰ নামো এই এফ আই আৰত উল্লেখ কৰা হৈছে।