NORTHEAST NOW (Assamese)

পৰম্পৰাগত ৰীতি -নীতিৰে মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ‘নাট মেলা পৰ্ব’ আৰম্ভ

October 24, 2018 5:07 pm · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক ফটো

আজি ধন ঐৰ্শ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। পবিত্ৰ এই দিনটোতে প্ৰতি বছৰৰ দৰে এইবাৰো আধ্যাত্মিক পৰম্পৰাৰে মাজুলীৰ ৩৪খন সত্ৰ,  ৫৬ টা ৰঙ্গমঞ্চত আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ নাট মেলা পৰ্ব।

মাজুলীৰ অন্যতম বৃহৎ আধ্যাত্মিক মহোৎসৱ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে দুই লাখ মাজুলীয়ালেই জড়িত হৈ পৰে। প্ৰতিজন মাজুলীয়ালৰ বাবেই বিশেষ তাৎপৰ্য বহন কৰা আজিৰ এই পবিত্ৰ দিনটোত দেহ-মন পবিত্ৰ কৰি ৰাখি অনাহাৰে ব্ৰত পালন কৰি ৰাসলীলাৰ মূল নাটৰ ওচৰত মূৰ দোৱায়।

সত্ৰ, নামঘৰ, ৰঙ্গমঞ্চ সকলোতে পৰম আধ্যাত্মিকতাৰে শৰাই-সঁফুৰা আগবঢ়াই গায়ন-বায়নেৰে অনন্ত নাৰায়ণৰ একুট বচন আওৰাই ঐতিহাসিক ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে। অহা ৰাস পূৰ্ণিমাত চাৰিদিনীয়া কাৰ্যসূচীৰে মঞ্চস্থ হ’ব মাজুলীৰ মহান আধ্যাত্মিক মহোৎসৱ।

Related News