NORTHEAST NOW (Assamese)

অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ ক্ষতি নহ’ব বুলি কোন মুৰ্খই ক’ব? ক্ষুব্ধ দেবব্ৰত শইকীয়া

December 27, 2020 6:43 pm · কল্পজ্যোতি শইকীয়া
বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

শেহতীয়াকৈ শনিবাৰে অজন্তা নেওগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ আৰু অতি শীঘ্ৰে বিজেপিত যোগদান কৰিম বুলি কৰা ঘোষণাই ক্ষুব্ধ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াক।

দেওবাৰে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভিত হৈ পৰে বিৰোধী দলপতিগৰাকী।

তেওঁ কয়, ‘অজন্তা নেওগে ১৫ বছৰে কংগ্ৰেছৰ ভিতৰছোৱা যিমান জানে ময়ো ১০ বছৰে বিধায়ক হৈ সিমানে জানো। তেওঁ মুখ খোলক তাৰ পাছত মই মুখ খুলিম।‘

ইপিনে, অজন্তা নেওগ বিজেপিলৈ গ’লে কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ’ব বুলি তেওঁ পোনপটীয়াকৈ স্বীকাৰ কৰে।

‘অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ ক্ষতি নহ’ব বুলি কোন মুৰ্খই ক’ব? এটা ভোটৰ কাৰণে হাৰি যোৱাৰ উদাহৰণ আছে। চৰকাৰ গঠন নহয় বা এজন মানুহৰ এটা ভোটৰ কাৰণে কেৰিয়াৰ ধ্বংস হৈ যায়। এটা ভোটৰ কাৰণে ৰাজস্থানৰ চি পি যোশী মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে।‘ শইকীয়াই এইদৰে কয়।

ইয়াৰোপৰি, ৰাজনীতিত জনগণেই আচল বুলি উল্লেখ কৰি শইকীয়াই পুনৰ কয়, ‘অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ’লে নিশ্চয়কৈ ক্ষতি হ’ব। কোনো এজন লোকে যদি কোনো এটা ৰাজনৈতিক দলৰ মতাদৰ্শক সমৰ্থন কৰে তেন্তে দলটোৰ লাভ আৰু যদি সমৰ্থন নকৰে তেন্তে দলৰ ক্ষতি।‘

আনহাতে, কংগ্ৰেছৰ দুটাকৈ পৰিষদীয় নিৰ্বাচনত বিধ্বস্তপ্ৰায় অৱস্থাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি বুলি সাংবাদিকে সোধাত তেওঁ কয়, ‘নেতৃত্ব সলনি হোৱা নোহোৱাক লৈ মন্তব্য নকৰো। এইবোৰ হাইকামাণ্ডক সুধিব।‘

Related News