NORTHEAST NOW (Assamese)

আম আদমি পাৰ্টিৰ নেতা-কৰ্মীসহ অৰ্ধ শতাধিকৰ কংগ্ৰেছত যোগদান

June 23, 2019 9:28 pm · অনিৰ্বাণ পাঠক
Updated: June 23, 2019 10:23 pm
গুৱাহাটীৰ ৰাজীৱ ভৱনত আম আদমি পাৰ্টিৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী। ফটো : য়ু বি

সমগ্ৰ দেশতেই বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছত যোগ দান কৰিবলৈ আগবাঢ়ি আহিল আম আদমি পাৰ্টিৰ অসমৰ কেইবাগৰাকীও নেতা-কৰ্মী। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত যোগ দিয়ে আপৰ ৰাজ্যিক সম্পাদক পৰাগ শৰ্মা আৰু কেইবাখনো জিলাৰ নেতা কৰ্মীয়ে।

সভাপতি ৰিপুন বৰা, উপসভাপতি তথা বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে তেওঁলোকক দললৈ আদৰে।

কংগ্ৰেছত যোগ দিলেও আম আদমিৰ নীতি আদৰ্শৰ প্ৰতি ক্ষোভিত নহয় বুলি মন্তব্য কৰে পৰাগ শৰ্মাই। তেওঁ কয়, ‘আপ দলটো দিল্লী আৰু ওচৰ চুবুৰীয়া ৰাজ্যখনতেই সীমাবদ্ধ। তাৰ বাহিৰে দলটোৰ শীৰ্ষ নেতৃত্বই উত্তৰ-পূবক অৱহেলা কৰাত ক্ষোভিত হৈহে কংগ্ৰেছত যোগ দিবলৈ আহিছো। হয়তো আপৰ নেতৃত্বই আন ৰাজ্যসমুহত যিধৰণে গুৰুত্ব দিব লাগে সেইধৰণে গুৰুত্ব দিব পৰা নাই, সেয়া হয়তো ইচ্ছাকৃত নহবও পাৰে।‘’

‘’’অসমত এতিয়া কংগ্ৰেছ দলতকৈ উৎকৃষ্ট আন দল হ’ব নোৱাৰে’’ বুলি উল্লেখ কৰি পৰাগ শৰ্মাই তেওঁৰ লগত অহা সতীৰ্থসকলক দলটোৰ ঋণাত্মক দিশসমুহ বাদ দি ধনাত্মক দিশ সমুহেৰে কামত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়।

এই যোগদান অনুষ্ঠানতেই গুৱাহাটীৰ সমাজকৰ্মী অজয় তালুকদাৰ আৰু দেশ-বিদেশত বিভিন্ন বহুজাতিক কোম্পানীত কাম কৰি পুনৰ অসমলৈ উভতি অহা সৌন্দৰ্য্য জ্যোতি হাজৰিকাইও কংগ্ৰেছত যোগ দিয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডাঃ ভূমিধৰ বৰ্মনে কয়,‘’কংগ্ৰেছৰ কেতিয়াও মৰণ নাই, মৰি মৰি জী উঠা বনৰ দৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কংগ্ৰেছ জীয়াই থাকিব।‘’

একেদৰে বিধায়ক ৰকিবুল হুছেইনেও কংগ্ৰেছলৈ বিভিন্ন সময়ত অহা বিপৰ্যয়ৰ কথা উল্লেখ কৰি এই বিপৰ্যয় ক্ষন্তেকীয়া বুলি মন্তব্য কৰে।

উল্লেখ্য যে, নিৰ্বাচনৰ ফলাফলত মুখ ঠেকেচা খোৱাৰ পাছত আজিৰ এই যোগদান কাৰ্য্যসূচী দলটোৰ বাবে তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

Related News