‘ভাইৰাছৰ সৈতেই আমি দিন নিয়াব লাগিব’, এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ক’লে এই কথা

bh

বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে ব্ৰিটেইনত বহি লোকৰ প্ৰাণ কাঢ়ি নিছে।

এনে পৰিস্থিতিত এতিয়া দেশ খনে সম্পূৰ্ণ ভাবে লক ডাউনৰ পৰা মুক্ত হ’ব পৰা নাই।

দেশ খনৰ ক’ৰৱাত নহয় ক’ৰৱাথ এতিয়াও লকডাউন চলিয়েই আছে।কোভিডৰ দ্বিতীয়টো ঢৌৱে ব্ৰিটেইনত পুনৰ সংহাৰৰ সৃষ্টি কৰিছে।

দেশ খনত মাহৰ পিছত মাহ ধৰি অব্যাহত থকা কোভিড নিষেধাজ্ঞা বৰিছ জনছনে প্ৰত্যাহাৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনলক প্ৰতক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী বৰিছ জনছনে দেশবাসীক উদ্দেশ্যি এইবুলি কৈছে যে ভাইৰাছৰ পৰা মানুহে সম্পূৰ্ণ মুক্তি পোৱাটো সম্ভৱ নহয়।

সেয়ে ভাইৰাছৰ সৈতেই মানুহে দিন নিয়াব লাগিব।ব্ৰিটেইনত ১৯ জুলাইৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ২১ জুনৰ পৰা ব্ৰিটেইনত আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা আছিল যদিও দেশ খনত কোভিডৰ ডেল্টা প্ৰজাতিৰ উপস্থিতিৰ পিছতে আনলকৰ দিন পিছুৱাই দিয়া হয়। কোভিডৰ সংহাৰ এতিয়াও কমা নাই যদিও কেৱল কোভ্ডৰ ভয়তে সকলো বন্ধ কৰি ৰাখিলে দেশ নচলিব বুলি ভাবিয়েই আনলকৰ কথা চিন্তা কৰা হৈছে।

ব্ৰিটেইনেই হৈছে বিশ্বৰ প্ৰথম খন দেশ যি খন দেশে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছিল। এতিয়ালৈকে দেশ খনৰ ৬৪ শতাংশ লোকক কোভিডৰ দুয়োটা ভেকচিনেই দিব পৰা গৈছে।

ব্ৰিটেইনত কোভিডৰ ভেকচিন গ্ৰহণ কৰা বহুতেই মাস্ক পৰিধান কৰা বাদ দিছে যদিও এয়া ভয়াৱহ কথা বুলিও বহুতে সমালোচনা কৰিছে।