‘হিন্দী ভাষাৰ জ্ঞানে এক সুবিধাজনক স্থিতিত ৰাখিব যুৱক-যুৱতীক’- কোনে ক’লে এই কথা

Meghalaya CM Conrad Sangma

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দেওবাৰে ৰাজ্যখনৰ যুৱসকলক ভাষাৰ বাধা অতিক্ৰম কৰিবলৈ আৰু ভাৰতৰ আন প্ৰান্তত নিযুক্তি লাভ কৰিবলৈ হিন্দী শিকিবলৈ আহ্বান জনাই কয় যে উত্তৰ-পূব ভাৰতৰ বহুতো ৰাজ্যত হিন্দীয়ে প্ৰাপ্য মনোযোগ নাপায়।

কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠানৰ শ্বিলং কেন্দ্ৰৰ এটা নতুন ভৱন উদ্বোধন অনুষ্ঠানত ভাষণ দি চাংমাই হিন্দীত কয়, “উত্তৰ-পূবৰ বহুতো ৰাজ্যত হিন্দীয়ে পৰ্যাপ্ত মনোযোগ নিদিয়ে। যেতিয়ালৈকে আমি ভাষাৰ বাধা অতিক্ৰম কৰিবলৈ সক্ষম নহওঁ, নিযুক্তি এটা সমস্যা হ’ব। হিন্দীয়ে যুৱ সকলক এক সুবিধাজনক স্থিতিত ৰাখিব।”

তদুপৰি তেওঁ কেন্দ্ৰক সংবিধানৰ অষ্টম অনুসূচীত গাৰো আৰু খাচী ভাষা অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। স্থানীয় ভাষাসমূহক অঞ্চলটোৰ লোকসকলৰ পৰিচয় বুলি অভিহিত কৰি তেওঁ স্থানীয় ভাষাৰ সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়।

অনুষ্ঠানটোত উপস্থিত থকা শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে টুইটাৰ যোগে চাংমাৰ ভাষণটি প্ৰচাৰ কৰি ভাষণটি শুনিবলৈ আহ্বান জনায়।

 

তেওঁ লগতে কয়, “যুৱসকলক কি প্ৰয়োজন? গৌৰৱ? আত্মসন্মান? তাৰ বাবে, এজন অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ হোৱা প্ৰয়োজন।”

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ত মাতৃভাষা আৰু ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰ-পূবৰ আন এখন ৰাজ্য মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাঙ্গাই গৃহমন্ত্ৰী অমিত শ্বাহলৈ এজন মিজোভাষী লোকক ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্তি দিবলৈ পত্ৰ লিখিছিল।

তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ ৰাজ্যৰ মন্ত্ৰীসকল তথা জনসাধাৰণে হিন্দী আৰু ইংৰাজী ভাষা নাজানে। সেয়ে ৰাজ্যত এজন মিজোভাষী লোকক মুখ্য সচিব হিচাপে নিযুক্তি দিব লাগে। মিজোৰ কাৰ্যকৰী জ্ঞান অবিহনে ৰাজ্যখনৰ শীৰ্ষ আমোলা দক্ষ নহ’ব বুলি তেওঁ উল্লেখ কৰিছিল।

এনে সময়তে উত্তৰ-পূবৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিন্দী ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰাটো লক্ষ্যণীয় হৈ পৰিছে।