গোলাঘাটৰ কমাৰবন্ধা মহাবিদ্যালয়ত “অসমীয়া নাটকৰ সামগ্ৰিক বিশ্লেষণ” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

as

ক’ভিড-১৯ ৰ সকলো চৰকাৰী নীতি-নিৰ্দেশনা মানি কালি গোলাঘাটৰ কমাৰবন্ধা মহাবিদ্যালয়ত অনুষ্ঠিত হ’য় অসমীয়া বিভাগৰ বিভাগীয় বাৰ্ষিক বক্তৃতানুষ্ঠানৰ।

কমাৰবন্ধা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মুকুতা সাহিত্য চ’ৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত সঞ্চালনা কৰে মহাবিদ্যালয় খনৰ উপাধ্যক্ষা ৰুমী ভৰালীয়ে।

সভাৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল শইকীয়াই। উদ্দেশ্য বাখ্যা কৰে অন্যতম বিভাগীয় প্ৰৱক্তা নিৰুপমা বড়াই।

সভাখনিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে নাট্যকৰ্মী তথা সাংবাদিক মীনাক্ষী ফুকন।

অসমীয়া নাটকৰ সামগ্ৰিক বিশ্লেষণ বিষয়ক বক্তৃতানুষ্ঠানত নাট্যকৰ্মী গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট “চিহ্নযাত্ৰা” ৰ পৰা অসমীয়া নাটকৰ বিৱৰ্তনৰ ধাৰা আৰু বৰ্তমান নাটকৰ সম্পৰীক্ষণৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

লগতে বৈষ্ণৱগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুকৰণ কৰি নাটকক জনমুখী কৰিবলৈ বৰ্তমানৰ নাট্যকৰ্মী সকলে মুকলি মঞ্চৰ যোগেদি যি নাট্যচৰ্চা আৰম্ভ কৰিছে ,ই এক আঁদৰণীয় পদক্ষেপ বুলি উল্লেখ কৰে।

প্ৰায় ৪০% ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন বিভাগৰ প্ৰৱক্তাই অংশগ্ৰহণ কৰা বক্তৃতানুষ্ঠান সকলো অংশগ্ৰহণকাৰীয়ে আপ্লুত হোৱা দেখা গ’ল।

শেষত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ অধ্যাপিকা ড০ অপৰাজিতা গগৈয়ে।