একালৰ বৃন্দাবন,একালত পৰে চন; বংগত বামপন্থী শিবিৰৰ শোচনীয় পৰাজয়

৪জুনত ঘোষণা কৰা হ’ল ‘২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফল৷দবশৰ মূল বাওঁপন্থী দল – ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সিষ্ট)এ কেৰেলা, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা মাত্ৰ এখনহে আসন লাভ কৰে। কেৰালাৰ আলাথুৰ সংসদীয় সমষ্টিত চিপিআই(এম)এ জয়লাভ কৰে।

ৰাজ্যখনৰ বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট (এল ডি এফ) শাসকীয় মিত্ৰজোঁট হিচাপে পৰিগণিত হোৱা কেৰালাত চি পি আই (এম)ৰ প্ৰাৰ্থী কে ৰাধাকৃষ্ণনে ২০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ বহু হেভীৱেইট প্ৰাৰ্থী যেনে ৰাজ্যৰ প্ৰাক্তন বিত্তমন্ত্ৰী থমাছ আইজাক আৰু ৰাজ্যৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কি শৈলাজা পৰাস্ত হয়। কিন্তু বাওঁপন্থী দলসমূহে প্ৰায় ৩২% ভোটৰ অংশীদাৰিত্ব লাভ কৰে, যিটো ভাৰতীয় জনতা পাৰ্টিৰ ১৬.৭% ভোটৰ অংশীদাৰিত্বৰ প্ৰায় দুগুণ৷

২০১১ চনত তৃণমূল কংগ্ৰেছে পৰাস্ত কৰাৰ পূৰ্বে প্ৰায় ৩৪ বছৰ ধৰি দলটোৱে শাসন কৰা পশ্চিম বংগত চি পি আই (এম) আৰু ইয়াৰ অংশীদাৰসকলে লোকসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যখনত মাত্ৰ প্ৰায় ৫% ভোটহে লাভ কৰে। প্ৰথম প্ৰজন্মৰ ভোটাৰৰ কাষ চাপিবলৈ চি পি আই (এম) বহু ছাত্ৰ আৰু যুৱ নেতাক থিয় কৰাইছিল যদিও ৪২খন লোকসভাৰ কেইবাখনো আসনত দলটো তৃতীয় স্থানতহে থাকে।

ত্ৰিপুৰাত বাওঁপন্থী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাস্ত কৰি লোকসভাৰ দুখন আসনত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে। ৰাজ্যত ২০১৯ চনৰ পাছত লোকসভা নিৰ্বাচনত গেৰুৱা দলৰ এয়া দ্বিতীয়টো জয়। পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱে কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাক পৰাস্ত কৰাৰ লগতে পূৱ ত্ৰিপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃতি দেৱী দেববৰ্মনে চিপিআইএমৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰেয়াঙক পৰাস্ত কৰে।