বিজেপি চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ; হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে আগৰতলা

Youth Rally at Agartala 3

ফটো : নৰ্থ-ইষ্ট নাও

নিবনুৱা সমস্যা সমাধানৰ দাবীত আজি ত্ৰিপুৰাৰ দুটা যুৱ সংগঠনৰ নেতৃত্বত ৰাজ্যখনৰ ৰাজধানী চহৰ আগৰতলাত বিশাল ৰেলী উলিওৱা হয়।

ডেম’ক্ৰেটিক যুথ ফেডাৰেশ্যন অব ইণ্ডিয়া আৰু ট্ৰাইবেল য়ুথ ফেডাৰেশ্যনৰ যৌথ উদ্যোগত উলিওৱা ৰেলীটোৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে।

স্বত:স্ফুৰ্তভাৱে ওলাই অহা প্ৰতিবাদকাৰী সকলে প্ৰথমে ৰবিন্দ্ৰ ভৱনত একগোট হয় আৰু পাছত তাৰ পৰা চহৰৰ মাজেৰে বিশাল ৰেলি উলিয়াই। ৰেলীটো সমাপ্ত হয় বিবেকানন্দ ফিল্ডত।

‘বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। চৰকাৰ গঠনৰ এবছৰৰ ভিতৰত ৰাজ্যখনত ৫০ হাজাৰ চৰকাৰী চাকৰি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰতিটো পৰিয়ালৰ একোজন সদস্যক চৰকাৰী চাকৰি দিম বুলিও কৈছিল’। এনেদৰে কয় এজন প্ৰতিবাদকাৰীয়ে।

ইফালে যুৱ নেতা নবাৰুন দেবে কয়, ‘ৰাজ্যখনৰ পৰা বাঁও ভাবধাৰা শেষ হৈ যোৱা বুলি যিসকলে কৈ আছে সেই লোকসকল আচলতে পাগল হৈছে। যদিহে ৰাজ্য চৰকাৰে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি সমূহ ৰক্ষা কৰিব নোৱাৰে তেন্তে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হ’ব’।

উল্লেখ্য যে চৰকাৰ গঠনৰ ১৮ মাহ পাছত বিজেপিৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এইদৰে কোনো সংগঠনে প্ৰতিবাদী ৰেলী উলিওৱা পৰিলক্ষিত হয়।