NORTHEAST NOW (Assamese)

এক জটিল স্তৰত উপনীত হৈছে ভাৰতীয় স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আইনী হাৰাশাস্তি! নতুন দিল্লীৰ এক সংবাদমেলত আৰএছএফ

May 20, 2025 11:50 am · এন ই নাও নিউজ, গুৱাহাটী

 ভাৰতৰ স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত বৰ্ধিত আইনী চাপে উদ্বেগৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ ৰিপ’ৰ্টাৰছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ) নামৰ সংস্থাই ভাৰতত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আইনী হাৰাশাস্তি এক যটিল স্তৰত উপনীত হোৱাকলৈ উদ্বেগজক প্ৰকাশ কৰিছে। নতুন দিল্লীৰ প্ৰেছ ক্লাব অৱ ইণ্ডিয়াত অনুষ্ঠিত এক সংবাদমেলত আৰএছএফে ভাৰতৰ সংবাদ স্বাধীনতাৰ ক্ৰমশ অৱনতিৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে। সংস্থাটোৱে নিজৰ কামৰ বাবে আটক কৰা সাংবাদিকসকলক তৎক্ষণাত মুকলি কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে চলি থকা নিৰ্যাতনমূলক আইনী কাৰ্যবিধি বাতিল কৰাৰো আহ্বান জনাইছে।

উল্লেখ্য যে ২০২৫ চনৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতে ১৮০খন দেশৰ ভিতৰত ১৫১ স্থানত আছে। যিটো ২০২৪ চনতকৈ আঠ স্থান উন্নত হ’লেও, আৰএছএফৰ মতে এই অগ্ৰগতি সন্তুস জনক নহয়। সংস্থাটোৰ সঞ্চালক প্ৰধান থিবো’ট ব্ৰুটিনে কয়, “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতত সংবাদ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। সাংবাদিকসকলে স্বাধীনভাৱে তথ্য প্ৰকাশ কৰিব পাৰিব লাগে, কিন্তু আইনী আৰু ৰাজনৈতিক চাপৰ ফলত তেওঁলোকৰ কৰ্মক্ষেত্ৰত বাধাগ্ৰস্ত হৈছে।” তেওঁ সাংবাদিকসকলক একত্ৰিত হৈ জনস্বাৰ্থৰ বাবে বিশ্বাসযোগ্য তথ্য প্ৰদানৰ বাবে আহ্বান জনাইছে।

আৰএছএফে উল্লেখ কৰিছে যে সন্ত্ৰাসবাদ বিৰোধী আইন আৰু কৰ নিয়মৰ আঁৰলৈ সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত হাৰাশাস্তি কৰা হৈছে, যাৰ ফলত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ কাম জটিল হৈ পৰিছে। বিশেষকৈ কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত তথ্য লাভৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞাৰ কথাও উল্লেখ কৰিছে। সংস্থাটোৱে বিদেশী সাংবাদিকৰ বাবে স্বচ্ছ ভিছা ব্যৱস্থা আৰু আইনী সংস্কাৰৰো পোষকতা কৰিছে, যাতে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত হয় আৰু ছ’চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণৰ কাঠামো স্থাপন কৰা হয়।

Related News