NRC-ৰ পৰা নাম বাদ পৰা “বিশেষ শ্ৰেণী”লৈ চৰকাৰৰ বিনামূলীয়া আইনী সেৱা

নাম বাদ পৰা প্ৰত্যেকৰ বাবে চৰকাৰী খৰচত অধিবক্তা নিযুক্তি

এন আৰ চিৰ পৰা নাম বাদ পৰা “বিশেষ শ্ৰেণী” কিছুমানৰ অন্তৰ্গত লোকসকলক অসম চৰকাৰৰ আইনী সেৱা প্ৰাধিকাৰীয়ে বিনামূলীয়া আইনী সেৱা আগ বঢ়াবলৈ সিদ্ধান্ত কৰিছে।

মহিলা, ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালী আৰু দিব্যাংগৰ লগতে অনুসূচিত জাতি-জনজাতিয়ে এই বিনামূলীয়া আইন সেৱা লাভ কৰিব আৰু জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ইয়াৰ দায়িত্ব ল’ব।

মহানগৰীৰ পল্টন বজাৰস্থিত আৰক্ষী ছাউনিত কামৰূপ মহানগৰ জিলা আইন প্ৰাধিকৰণ বিষয়া জোৎস্না দাস আৰু আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ মাজত হোৱা আলোচনাৰ অন্তত আজি এই কথা ঘোষণা কৰা হয়।

“নাম অন্তৰ্ভুক্ত নোহোৱাসকলক যদি বিনামূলীয়া আইন সেৱাৰ প্ৰয়োজন হয় জিলা আইন সেৱা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ কাৰ্য্যালয় সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদতে অৱস্থিত। বিনামূলীয়া আইন সেৱা লাভ কৰিবৰ বাবে তেওঁলোকে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব”, সংবাদ মাধ্যমৰ আগত এইদৰে কয় জোৎস্না দাসে।

তেওঁ লগতে কয়, “মহিলা আৰু শিশুৰ বাবেও উপলব্ধ হ’ব এই আইনসেৱা। লগতে যিসকল লোকৰ বছৰি আয় ৩ লাখতকৈ কম, সেইসকলেও এই বিনামূলীয়া আইন সেৱা লাভ কৰিব। অনুসূচিত জাতি-জনজাতিৰ লোকৰ পুৰুষৰ ক্ষেত্ৰত বছৰি আয়ৰ কথা নাহে, তেওঁলোকৰ বাবে আইন সেৱা বিনামূলীয়া হ’ব। জেইলত থকা কয়দী, দিব্যাংগ লোকেও জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা বিনামূলীয়া আইন সেৱা লাভ কৰিব।”

নাম বাদ পৰাসকলৰ প্ৰত্যেকৰে বাবে একোজনকৈ অধিবক্তা নিয়োগ কৰা হ’ব বুলি সদৰী কৰি দাসে কয় “কোনোধৰণৰ মাচুল নোলোৱাকৈ অধিবক্তাসকলে নাম বাদ পৰাসকলক সহায় কৰিব। জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা অধিবক্তাৰ মাচুল বহন কৰা হ’ব”।