শ্বেণ ৱাৰ্ণতকৈও অধিক উইকেট লোৱা এইগৰাকী ভাৰতৰ মহান ক্ৰিকেটাৰৰ মৃত্যু

ৰঞ্জি ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ভাৰতৰ প্ৰাক্তন মহান স্পিনাৰ ৰাজিন্দৰ গোয়েলৰ আজি দেহাৱসান ঘটে। মৃ্ত্যুৰ সময়ত গোয়েলৰ বয়স আছিল ৭৭ বছৰ।

ৰোহতকত মৃত্যুবৰণ কৰা বাঁওহতীয়া স্পিনাৰ গোয়েলে ঘৰুৱা ক্ৰিকেটত সাংঘাটিকভাৱে উন্নতমানৰ প্ৰদৰ্শন কৰাৰ পিছতো ভাৰতীয় দলত স্থান লাভ নকৰিলে।

বহু সংখ্যক প্ৰাক্তন ক্ৰিকেটাৰে গোয়েলক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ শ্বেন ৱাৰ্ণতকৈও শ্ৰেষ্ঠ হিচাপে আখ্যা দিয়ে। কাৰণ শ্বেন ৱাৰ্ণে আন্তঃৰাষ্ট্ৰীয় টেষ্টত ৭০৮টা উইকেট দখল কৰাৰ বিপৰীতে গোয়েলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৭৫০ উইকেট দখল কৰিছিল।

এইগৰাকী মহান ক্ৰিকেটাৰৰ মৃত্যুত বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ ৰণবীৰ সিং মহেন্দ্ৰাই কয়, ‍‘তেওঁৰ মৃত্যু ক্ৰিকেট খেল আৰু ব্যক্তিগতভাৱে মোৰ বাবে বহুত ডাঙৰ ক্ষতি। তেওঁ আমাৰ দেশৰ সৰ্বশ্ৰেষ্ঠ বাওঁহতীয়া স্পিনাৰ’।

উল্লেখ্য যে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱা গোয়েলে ১৯৫৮-৫৯ৰ পৰা ১৯৮৪-৮৫ লৈকে ঘৰুৱা ক্ৰিকেট খেলিছিল।

২৬ বছৰীয়া দীঘলীয়া কেৰিয়াৰত তেওঁ হাৰিয়ানাৰ হৈ ৰঞ্জি ট্ৰফিত ৬৩৭ টা উইকেট দখলেৰে অভিলেখ গঢ়ি থৈছে। তেওঁ প্ৰথম শ্ৰেণীত মুঠ ১৫৭ খন মেচ খেলি ৭৫০টা উইকেট দখল কৰিছিল।

উ্লেখ্য যে ১৯৭৪-৭৫ চনত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে বাংগালুৰুত অনুষ্ঠিত টেষ্ট মেচখনৰ বাবে গোয়েলক দলত নিৰ্বাচিত কৰা হৈছিল যদিও মূল একাদশত স্থান লাভ নকৰিলে।

তেওঁ ৪৪ বছৰলৈকে প্ৰথম শ্ৰেণী ক্ৰিকেট খেলিছিল।

এই গৰাকী মহান ৰঞ্জি ক্ৰিকেটাৰৰ মৃত্যুত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী, ভাৰতীয় দলৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীৰ লগতে বহুতো প্ৰাক্তন ক্ৰিকেটাৰে দুখ প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।