টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ তিনিটা। ফটো: নৰ্থইষ্ট নাও।

উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অধীনৰ টিপং কলিয়ৰীৰ লোহা চুৰিৰ অভিযোগত এখন ব্যক্তিগত বাহন, এখন মটৰ চাইকেল সহ তিনিটাকৈ লোহা চোৰক আটক কৰিছে লেখাপানী আৰক্ষীয়ে।

উল্লেখ্য যে, প্ৰতিষ্ঠানটোত হৈ থকা লোহা চুৰিৰ বাতৰি ধাৰাবাহিকভাবে সম্প্ৰচাৰ হৈ থকাৰ পাছতে লেখাপানী আৰক্ষীয়ে চোৰাং লোহা চোৰৰ বিৰুদ্ধে অভিযান চলায়।

অভিযান কালত এখন আইটেন বাহন আৰু এখন মটৰ চাইকেল সহ তিনিটাকৈ লোহা চোৰক লোহা কঢ়িয়াই আনি থকা অৱস্থাত আটক কৰে লেখাপানী আৰক্ষীয়ে। লগতে জব্দ কৰে পটিপং কলিয়ৰীৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণাৰ তাম আৰু এলুমিনিয়াম তাঁৰ।

লগতে পঢ়ক: বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

ইপিনে একে নিশাই জাগুনৰ এটা স্ক্ৰেপ ডেম্পত তালাচী চলাই বৃহৎ পৰিমাণৰ লোহা উদ্ধাৰ হোৱাৰ পিছতে ডেম্পটো আৰক্ষীয়ে ছীল কৰি দিয়ে। ডেম্পটোত কেবা লক্ষাধিক টকাৰ লোহা মজুত আছে বুলি জানিব পৰা গৈছে।

বৰ্তমান লেখাপানী আৰক্ষীয়ে জাগুনৰ স্ক্ৰেপ ডেমটোৰ  স্বত্বাধিকাৰী জোনেইড হুছেইনক গ্ৰেপ্তাৰ কৰিছে। লগতে কৰায়ত্ত কৰিছে পাপু বৈষ্ণৱ, মহিবুল হক আৰু নাজিৰ ৰহমানক। আৰক্ষীয়ে এ এচ ২৩ কে ৯৩১৭ নম্বৰৰ আইটেন বাহন, এ এচ ২৩ এইচ ২৪৭০ নম্বৰৰ এখন ছুপাৰ প্লেণ্ডাৰ মটৰ চাইকেলো জব্দ কৰে।

ইতিমধ্যে লেখাপানী থানাত আৰ ডব্লিউ চেকছ্ন ৩ অৱ পিডিপিপি এক্ট আৰু ভাৰতীয় দণ্ডবিধি আইন ৩৯২ (আইপিচি)ধাৰাৰ অধীনত ৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: Lurinjyoti Gogoi slams govt অশোক ধানুকাৰ কাৰ্যালয়টোৱেই এতিয়া অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ : লুৰীণজ্যোতি গগৈ

শেহতীয়াকৈ টিপং কলিয়ৰীৰ পৰা ১ কোটিৰো অধিক লো-পিতলৰ সামগ্ৰী চোৰে চুৰি কৰি উধাও হৈছিল যদিও আৰক্ষীয়ে চোৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ লগতে ক’ল ইণ্ডিয়াৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰমিক নেতা ভাৰত ভূষণ বৰঠাকুৰে। গ্ৰেপ্তাৰ কৰা চোৰ কেইটাৰ উপৰিও ইতিমধ্যে সংঘটিত হোৱা বৃহৎ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰাৰ লগতে গভাইত লোহা চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ শ্ৰমিক সংগঠন সমূহে দাবী জনাইছে।