চাপৰত সুৰাৰ বিপনী স্থাপনৰ বিৰোধিতাৰে লেখিকা সমাৰোহ সমিতিৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান

"জননেতাৰ আদৰ্শক কলুষিত কৰিবলৈ দিয়া নহব "

“চাপৰৰ এক সাতামপুৰুষীয়া ঐতিহ্য আৰু মৰ্যাদা আছে ।আমাৰ প্ৰাতঃস্মৰণীয় জননেতা শৰৎ চন্দ্ৰ সিংহই নিজৰ জনমভূমি চাপৰক এক সুকীয়া স্থান দি থৈ গৈছে।

তেখেতে চাপৰ পৌৰ সভা এলেকাত সুৰাৰ দোকানৰ অনুমতি নিদিয়াৰ আহ্বান জনাই চাপৰবাসীক একগোট হৈ থাকিবলৈও নিবেদন জনাইছিল।কিন্তু আজি আমি তেখেতৰে নীতি আৰু আদৰ্শক ভৰিৰে মোহাৰিবলৈ ওলাইছে।

এইয়া আমাৰ বাবে এক চৰম দুৰ্ভাগ্যজনক কথা।অকল জননেতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিয়েই তেখেতৰ আদৰ্শক জীয়াই ৰাখিব নোৱাৰি।আজি জননেতা গৰাকীৰ জন্মভূমিতে সুৰাৰ বিপণী স্থাপনৰ প্ৰস্তুতি চলাই তেখেতৰ আদৰ্শক কলুষিত কৰিবলৈ ওলোৱা কাৰ্য্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।

তেখেতৰ আদৰ্শক চাপৰতে কলুষিত কৰিবলৈ দিয়া নহব।” আজি এইদৰে ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ চাপৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী চন্দ্ৰা বৰ্মন আৰু সম্পাদিকা প্ৰণতি অধিকাৰীৰ।

উল্লেখ্য যে সম্প্ৰতি অসমৰ ১১খন জিলাৰ বিভিন্ন অঞ্চলৰ লগতে চাপৰত সুৰা বিপণী স্থাপনৰ কুজকাৱাজ চলি থকাক লৈ সাধাৰণ ৰাইজৰ আৰু বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধিতা কৰি আছে।

এই সন্দৰ্ভত চাপৰৰ বহু কেইটা দল সংগঠনৰ লগতে কালি লেখিকা সমাৰোহ সমিতিও চাপৰত যাতে সুৰা বিপণী স্থাপনৰ অনুমতি দিয়া নহয় তাৰ দাবী তুলি বিলাসীপাৰাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক ইতিবাচক আলোচনাতো মিলিত হয়।

লগতে ভাৰতীয় দৰ্শন-সংস্কৃতিৰ ধ্বজাবাহক বুলি সততে দাবী কৰি থকা বি জে পি নেতৃত্বাধীন চৰকাৰ খনে জননেতা শৰৎ চন্দ্ৰ সিংহৰ নীতি আৰু আদৰ্শক ভূলুণ্ঠিত কৰি তেওঁৰে জন্মভূমিতে বিলাতী সুৰাৰ বিপনীৰ অনুমতি প্ৰদানৰ চৰকাৰৰ পূৰ্বৰ নিৰ্দেশনা বাতিল কৰিবলৈও মুখ্যমন্ত্ৰীৰ প্ৰতি সমাৰোহ সমিতিয়ে আহ্বান জনায় ।