কাৰাগাৰত নেমু কেলেংকাৰী! নিলম্বিত কাৰাগাৰ অধীক্ষক

Lemon Scam In Prison

পঞ্জাৱৰ এখন কাৰাগাৰত নেমুৰ কেলেংকাৰীত সাঙুৰ খাই নিলম্বিত হৈছে এজন কাৰাগাৰ বিষয়া। বিষয়াজনৰ বিৰুদ্ধে কাৰাগাৰৰ বন্দীসকলৰ আহাৰৰ বাবে আৱণ্টন কৰা পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।

জানিব পৰা মতে নিলম্বনৰ সন্মুখীন হোৱা কাপুৰথালা মডাৰ্ণ কাৰাগাৰৰ অধীক্ষক গুৰনাম লাল নামৰ বিষয়াজনে নেমু ক্ৰয়ৰ বাবে ভুৱা হিচাপ দাখিল কৰিছিল।

গুৰনাম লালে প্ৰায় ৫০ কিলোগ্ৰাম নেমু ক্ৰয় কৰা বুলি হিচাপ দেখুৱাইছিল। কিন্তু বন্দীসকলে দাবী কৰিছিল যে তেওঁলোকে আহাৰ গ্ৰহণৰ সময়ত নেমু লাভ কৰা নাছিল।

এটা পৰিদৰ্শন দলে কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়তে এই কেলেংকাৰীৰ কথা পোহৰলৈ আহে। কাৰাগাৰৰ বন্দীসকলে পৰিদৰ্শন দলৰ সদস্যসকলক ৰেচনত নেমু লাভ কৰা নাই বুলি অভিযোগ কৰে।

ইয়াৰ পিছতে পঞ্জাৱৰ কাৰাগাৰ, খনি আৰু পৰ্যটন মন্ত্ৰী হৰজ্যোত সিং বেইন্সে কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তত কেইবাটাও অনিয়মৰ কথা ফাদিল হয়।

এনে অভিযোগ পোহৰলৈ অহাৰ পিছত এডিজিপি (কাৰাগাৰ) বীৰেন্দ্ৰ কুমাৰে দুজন জ্যেষ্ঠ বিষয়াক ১ মে’ত আকস্মিক পৰিদৰ্শনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

প্ৰতিনিধি দলটোৱে পৰীক্ষা কৰি বন্দীসকলক পৰিৱেশন কৰা খাদ্য নিম্ন মানদণ্ডৰ বুলি প্ৰমাণ কৰাৰ লগতে খাদ্যৰ মান পৰ্যাপ্ত নহয় বুলি প্ৰকাশ কৰে।

তদন্ত কাৰী দলে নিজৰ প্ৰতিবেদনত লগতে কয় যে কাৰাগাৰৰ ৰেকৰ্ডত পাচলি ক্ৰয়ৰ বাবে দাখিল কৰা হিচাপতো অনিয়ম সংঘটিত হৈছে।

এই সকলো অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছতে কাৰাগাৰ অধীক্ষক গুৰনাম লালক নিলম্বিত কৰা হয়।