NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন লোক আঘাতপ্ৰাপ্ত; ৮ ঘণ্টাৰ অন্তত ট্ৰেংকুলাইজ

November 15, 2019 11:35 am · এন ই নাও নিউজ

ডিব্ৰুগড় জিলাৰ পল্টনবজাৰ অঞ্চলত বৃহস্পতিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণ এজন লোক আঘাতপ্ৰাপ্ত হয়।

বন বিভাগে প্ৰয়োজনীয় ট্ৰেংকুলাইজাৰ নথকাৰ বাবে নাহৰফুটুকী বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ প্ৰায় আঠ ঘণ্টাৰো অধিক সময় লয়।

স্থানীয় নাগৰিকে জনোৱা মতে, নাহৰফুটুকী বাঘটোৱে পল্টনবজাৰ অঞ্চলৰ মাহতাব আহমেদ নামৰ এগৰাকী লোকৰ ঘৰত নিশা প্ৰায় ৯ বজাত প্ৰবেশ কৰে।

ৰান্ধনি ঘৰত আশ্ৰয় লোৱা নাহৰফুটুকীটোৰ আক্ৰমণত আমামুদ্দিন আহমেদ নামৰ এজন লোক আঘাতপ্ৰাপ্ত হয়।

বাঘটোৰ উপস্থিতিত আতংকিত হৈ পৰা লোকসকলে বনবিভাগৰ সৈতে যোগাযোগ কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক  উপস্থিত হয় যদিও তেওঁলোকৰ হাতত প্ৰয়োজনীয় ট্ৰেংকুলাইজাৰ নথকা বাবে দীৰ্ঘসময় ধৰি বাঘটোক উদ্ধাৰ কৰিব পৰা নাছিল।

অৱশেষত কাজিৰঙা আৰু ডিব্ৰু-ছৈখোৱাৰ পৰা অহা পাঁচজনীয়া বনবিভাগৰ চিকিৎসকৰ প্ৰচেষ্টাত নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা হয়।

Related News