NORTHEAST NOW (Assamese)

সোণাৰিত নাহৰফুটুকী নিধন কৰি কাটি নিলে নেজ, ঠেং; ঘটনাস্থলীত পলমকৈ উপস্থিত বন বিভাগৰ লোক

May 31, 2019 5:06 pm · এন ই নাও নিউজ
Updated: May 31, 2019 7:41 pm

চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট ভেচেলীপথাৰ গাঁৱত একাংশ স্থানীয় ৰাইজে আজি এটা নাহৰফুটুকী বাঘ মৰিয়াই নিধন কৰে।

দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত নাহৰফুটুকীটোৱে স্থানীয় ৰাইজৰ পশুধন নিধন কৰিএক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। আজিও নিলেশ্বৰ চাংমাই নামৰ এজন স্থানীয় লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে। ফলত নিলেশ্বৰ গুৰুতৰভাৱে আহত হয়। পিছত আহত নিলেশ্বৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে নাহৰফুটুকীটোৱে আজি লোকজনক আক্ৰমণ কৰাৰ পিছতে একাংশ স্থানীয় ৰাইজে বাঘটোৰ সন্ধানত হাতে হাতে যাঠি-জোং লৈ ওলাই আহে। পিছত স্থানীয় ৰাইজে নাহৰফুটুকীটোক খেদি খেদি হত্যা কৰে। তাৰোপৰি স্থানীয় ৰাইজে নাহৰফুটুকী বাঘটোৰ ঠেং, নেজ আদি অংগ-প্ৰত্যংগও কাটি লৈ যায়।

ইফালে ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকক অৱগত কৰাৰ পিছতো ঘটনাস্থলীত বহু পলমকৈহে বন বিভাগৰ লোক উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগে মৃত বাঘটো স্থানীয় ৰাইজৰ পৰা চমজি লয়।

Related News