কন্যাৰ ভৱিষ্যতৰ বাবে আলফা(স্বা)ৰ শিবিৰ এৰি স্বামীগৃহত উপস্থিত প্ৰয়াত আলফা নেতাৰ পত্নী

শুকুৰবাৰে সন্ধিয়া নিজ কন্যাক লগত লৈ ম্যানমাৰৰ আলফা(স্বা) শিবিৰৰ পৰা শিৱসাগৰৰ কাঠপাৰাৰ নিজ স্বামী গৃহত উপস্থিত হয় আলফা স্বাধীনৰ প্ৰয়াত কেপ্তেইন দিগন্ত বৰা ওৰফে ৰূপান্তৰ অসম ওৰফে ৰূপান্তৰ কাকতিৰ পত্নী মাজনী অসম আৰু তেওঁৰ কন্যা।

ডিমৌৰ উদয়পুৰ নিবাসী ডিম্বেশ্বৰ দাস আৰু দেবেশ্বৰী দাসৰ কন্যা মাজনী অসমে বহু বছৰ ধৰি আলফাৰ (স্বা) সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছিল।

যোৱা ২০ জুন ২০১৯ তাৰিখে ম্যানমাৰৰ জংঘলত স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল আলফা(স্বা)ৰ নেতা ৰূপান্তৰ কাকতিৰ।

স্বামীৰ মৃত্যুৰ পাছত ৪ বছৰীয়া কন্যাৰ পঢ়া শুনা আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি আলফাৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ শিৱসাগৰৰ কাঠপাৰাস্থিত স্বামীৰ গৃহত উপস্থিত হয় ৰূপান্তৰ কাকতিৰ পত্নী মাজনী অসম।

উল্লেখযোগ্য যে, ২০১২ চনত ৰূপান্তৰ অসমৰ নেতৃত্বত আলফাত যোগদান কৰিছিল মাজনী অসমে আৰু ২০১৩ চনত তেওঁ ৰূপান্তৰ অসমৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

আলফাত থকাৰ সময়ত ম্যানমাৰত মাজনী অসমে ২০১৫ চনত আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাক লগ পাইছিল বুলি জানিবলৈ দিয়ে।

ম্যানমাৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ লোৱা মাজনী অসমে আলফাৰ শীৰ্ষ নেতা মাইকেল আসম,  এ জেদ অসমক লগ পোৱাৰ কথাও উল্লেখ কৰে।

মাজনী অসমে আলফাৰ প্ৰচাৰ গোটৰ সদস্যা হিচাপে কাম কৰাৰ লগতে আলফাত যোগদান কৰাৰ পূৰ্বে তেওঁ যোৰহাটৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অসমীয়া বিভাগৰ শিক্ষয়ত্ৰী  হিচাপে কৰ্মৰত  আছিল।

আনহাতে, স্বামী গৃহলৈ উভতি আহি শনিবাৰে মাজনী অসমে শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক সাক্ষাত কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে শনিবাৰে মাজনী অসমে তেওঁক সাক্ষাৎ কৰি আত্মসমৰ্পনৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে বুলি উল্লেখ কৰে।

আলফা(স্বা)ৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধে থানাত কিবা গোচৰ ৰুজু হৈ আছে নেকি সেয়া পৰীক্ষা কৰাৰ পাছত আত্মসমৰ্পন সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক সিনহায়।