• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ: ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই, নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 9:17 pm
Rahul Gandhi
140
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে যোৱা ২৩ মাৰ্চত মানহানি গোচৰত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড বিহাৰ পিছতে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সদস্য পদ খাৰিজ কৰাৰ বিৰোধিতা কৰিছে বুদ্ধিজীৱী ড° হীৰেন গোহাঁই আৰু অসম নাগৰিক সমাজে।

এক সংবাদমেল যোগে আজি নাগৰিক সমাজৰ নেতৃত্বৰ লগতে হীৰেন গোহাঁয়ে আইনী প্ৰক্ৰিয়াৰ গইনা লৈ মোদী চৰকাৰে বিৰোধীৰ আটাইতকৈ শক্তিশালী কন্ঠ ৰাহুল গান্ধীক লোকসভাৰ পৰা আঁতৰোৱাৰ ই এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

সংবাদ মেলত তেওঁলোকে কয়, “আমি দেখিছো যে ‘হিন্দেনবাৰ্গ ৰিচাৰ্চে’ আদানীৰ বিভিন্ন ধৰণৰ জালিয়াতি ফাদিল কৰাৰ পিছতো, এতিয়ালৈ লোকসভাত চৰকাৰে বিষয়টোৰ আলোচনা হ’বলৈ দিয়া নাই। তাৰ মাজতে,ৰাহুল গান্ধীয়ে তথ্য-পাতি দি নিৰ্ভীকভাৱে আদানী আৰু মোদী চৰকাৰৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা সদনত বলিষ্ঠভাৱে দাঙি ধৰিছিল। কিন্তু, তাকো তেওঁলোকে লিপিবদ্ধ কৰিবলৈ নিদিলে।”

“তাৰ আগতে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ যোগেদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি, মোদী চৰকাৰে দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ ওপৰত নমাই অনা আক্ৰমণ আৰু দেশত দেখা দিয়া ভয়াবহ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছিল।ভয়াৰ্ত আৰু বাকহীন জনতাৰ মুখত প্ৰতিবাদৰ ভাষা তুলি দিছিল।”— তেওঁলোকে লগতে কয়।

চিন্তাবিদ হীৰেন গোহাঁই আৰু নাগৰিক সমাজে সংবাদ মেলত লগতে উল্লেখ কৰা মতে, “ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত লণ্ডনৰ বিদ্বান মণ্ডলীত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বক্তৃতা দিছিল। কিন্তু, ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে তেওঁ কেতিয়াও বিদেশী শক্তিৰ সমৰ্থন বিচৰা নাছিল।”

“এনেদৰে, যোৱা সময়ছোৱাত এটাৰ পিছত এটাকৈ ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ ভুল নীতি, মিথ্যাচাৰ আৰু ভণ্ডামি ৰাইজৰ আগত উদঙাই দি আহিছে। ৰাহুল গান্ধীৰ নিৰ্ভয়, সত্যনিষ্ঠ আৰু অহিংস প্ৰতিবাদে ক’ৰবাত যেন ভাৰতৰ জনগণৰো অন্তৰ স্পৰ্শ কৰিছে, সমৰ্থন লাভ কৰিছে।তাৰ বাবেই আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি ইমান খৰ্গহস্ত।”— এই অভিযোগ উত্থাপন কৰা হৈছে সংবাদ মেলত।

ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে যদিও এই আক্ৰমণ কেৱল ৰাহুল গান্ধীৰ ওপৰত নমাই অনা ব্যক্তিগত আক্ৰমণ নহয় বুলি উল্লেখ কৰি সংবাদ মেলত গোহাঁই আৰু নাগৰিক সমাজৰ নেতৃত্বই এই কাৰ্যক ভাৰতীয় গণতন্ত্ৰৰ ওপৰত নমাই অনা আক্ৰমণ বুলি অভিযোগ কৰে। তেওঁলোকৰ মতে, ৰাহুল গান্ধীৰ দৰে নেতা এজনৰ বিৰুদ্ধে যদি তেওঁলোকে এনে পদক্ষেপ ল’বলৈ সংকোচ নকৰে, তেন্তে আনবোৰ কোন কুটা!

সেয়ে, ভাৰতৰ সকলে বিৰোধী ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিব লাগিব বুলি উল্লেখ কৰিছে সংবাদ মেল আহ্বান কৰা বিশিষ্ট ব্যক্তিসকলে। “ভাৰতীয় গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ যে দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ সকলো বিৰোধী ৰাজনৈতিক দলে ৰাহুল গান্ধীৰ ওপৰত নমাই অনা এই আক্ৰমণৰ বিৰোধিতা কৰিছে।”– তেওঁলোকে লগতে কয়।

সংবাদ মেলত লগতে তেওঁলোকে কয়, “আমি ভাবোঁ, ই কেৱল বিৰোধী ৰাজনৈতিক দলৰে কথা নহয়, দল,মত নিৰ্বিশেষে সকলো গণতন্ত্ৰপ্ৰেমী লোক, আৰু নাগৰিক সমাজৰ সকলো অংশই চৰকাৰৰ এই আক্ৰোশ আৰু দমনমূলক পদক্ষেপৰ প্ৰতিবাদ কৰা উচিত। যোৱা সময়ছোৱাত আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ, আইনৰ মানহানি ধাৰাটো বহু সময়ত ব্যক্তি আৰু প্ৰচাৰ মাধ্যমৰ মুখ বন্ধ কৰিবলৈও ব্যৱহাৰ কৰা হৈছে।”

পৰাঞ্জয় গুহ ঠাকুৰতাৰ দৰে ব্যক্তি আৰু ‘ৱায়াৰ’ আদিৰ দৰে সংবাদ গোষ্ঠীও ইয়াৰ বলি হৈছে বুলি উল্লেখ কৰি ড° গোহাঁই আৰু নাগৰিক সমাজৰ নেতৃত্বই বহু আইনবিদে আনকি আইনৰ এই দফাটো উঠাই দিয়াৰে পোষকতা কৰিছে বুলিও সদৰী কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd