• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ: ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই, নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 9:17 pm
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে যোৱা ২৩ মাৰ্চত মানহানি গোচৰত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড বিহাৰ পিছতে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সদস্য পদ খাৰিজ কৰাৰ বিৰোধিতা কৰিছে বুদ্ধিজীৱী ড° হীৰেন গোহাঁই আৰু অসম নাগৰিক সমাজে।

এক সংবাদমেল যোগে আজি নাগৰিক সমাজৰ নেতৃত্বৰ লগতে হীৰেন গোহাঁয়ে আইনী প্ৰক্ৰিয়াৰ গইনা লৈ মোদী চৰকাৰে বিৰোধীৰ আটাইতকৈ শক্তিশালী কন্ঠ ৰাহুল গান্ধীক লোকসভাৰ পৰা আঁতৰোৱাৰ ই এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

Apply Now

সংবাদ মেলত তেওঁলোকে কয়, “আমি দেখিছো যে ‘হিন্দেনবাৰ্গ ৰিচাৰ্চে’ আদানীৰ বিভিন্ন ধৰণৰ জালিয়াতি ফাদিল কৰাৰ পিছতো, এতিয়ালৈ লোকসভাত চৰকাৰে বিষয়টোৰ আলোচনা হ’বলৈ দিয়া নাই। তাৰ মাজতে,ৰাহুল গান্ধীয়ে তথ্য-পাতি দি নিৰ্ভীকভাৱে আদানী আৰু মোদী চৰকাৰৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা সদনত বলিষ্ঠভাৱে দাঙি ধৰিছিল। কিন্তু, তাকো তেওঁলোকে লিপিবদ্ধ কৰিবলৈ নিদিলে।”

“তাৰ আগতে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ যোগেদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি, মোদী চৰকাৰে দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ ওপৰত নমাই অনা আক্ৰমণ আৰু দেশত দেখা দিয়া ভয়াবহ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছিল।ভয়াৰ্ত আৰু বাকহীন জনতাৰ মুখত প্ৰতিবাদৰ ভাষা তুলি দিছিল।”— তেওঁলোকে লগতে কয়।

চিন্তাবিদ হীৰেন গোহাঁই আৰু নাগৰিক সমাজে সংবাদ মেলত লগতে উল্লেখ কৰা মতে, “ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত লণ্ডনৰ বিদ্বান মণ্ডলীত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বক্তৃতা দিছিল। কিন্তু, ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে তেওঁ কেতিয়াও বিদেশী শক্তিৰ সমৰ্থন বিচৰা নাছিল।”

“এনেদৰে, যোৱা সময়ছোৱাত এটাৰ পিছত এটাকৈ ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ ভুল নীতি, মিথ্যাচাৰ আৰু ভণ্ডামি ৰাইজৰ আগত উদঙাই দি আহিছে। ৰাহুল গান্ধীৰ নিৰ্ভয়, সত্যনিষ্ঠ আৰু অহিংস প্ৰতিবাদে ক’ৰবাত যেন ভাৰতৰ জনগণৰো অন্তৰ স্পৰ্শ কৰিছে, সমৰ্থন লাভ কৰিছে।তাৰ বাবেই আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি ইমান খৰ্গহস্ত।”— এই অভিযোগ উত্থাপন কৰা হৈছে সংবাদ মেলত।

ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে যদিও এই আক্ৰমণ কেৱল ৰাহুল গান্ধীৰ ওপৰত নমাই অনা ব্যক্তিগত আক্ৰমণ নহয় বুলি উল্লেখ কৰি সংবাদ মেলত গোহাঁই আৰু নাগৰিক সমাজৰ নেতৃত্বই এই কাৰ্যক ভাৰতীয় গণতন্ত্ৰৰ ওপৰত নমাই অনা আক্ৰমণ বুলি অভিযোগ কৰে। তেওঁলোকৰ মতে, ৰাহুল গান্ধীৰ দৰে নেতা এজনৰ বিৰুদ্ধে যদি তেওঁলোকে এনে পদক্ষেপ ল’বলৈ সংকোচ নকৰে, তেন্তে আনবোৰ কোন কুটা!

সেয়ে, ভাৰতৰ সকলে বিৰোধী ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিব লাগিব বুলি উল্লেখ কৰিছে সংবাদ মেল আহ্বান কৰা বিশিষ্ট ব্যক্তিসকলে। “ভাৰতীয় গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ যে দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ সকলো বিৰোধী ৰাজনৈতিক দলে ৰাহুল গান্ধীৰ ওপৰত নমাই অনা এই আক্ৰমণৰ বিৰোধিতা কৰিছে।”– তেওঁলোকে লগতে কয়।

সংবাদ মেলত লগতে তেওঁলোকে কয়, “আমি ভাবোঁ, ই কেৱল বিৰোধী ৰাজনৈতিক দলৰে কথা নহয়, দল,মত নিৰ্বিশেষে সকলো গণতন্ত্ৰপ্ৰেমী লোক, আৰু নাগৰিক সমাজৰ সকলো অংশই চৰকাৰৰ এই আক্ৰোশ আৰু দমনমূলক পদক্ষেপৰ প্ৰতিবাদ কৰা উচিত। যোৱা সময়ছোৱাত আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ, আইনৰ মানহানি ধাৰাটো বহু সময়ত ব্যক্তি আৰু প্ৰচাৰ মাধ্যমৰ মুখ বন্ধ কৰিবলৈও ব্যৱহাৰ কৰা হৈছে।”

পৰাঞ্জয় গুহ ঠাকুৰতাৰ দৰে ব্যক্তি আৰু ‘ৱায়াৰ’ আদিৰ দৰে সংবাদ গোষ্ঠীও ইয়াৰ বলি হৈছে বুলি উল্লেখ কৰি ড° গোহাঁই আৰু নাগৰিক সমাজৰ নেতৃত্বই বহু আইনবিদে আনকি আইনৰ এই দফাটো উঠাই দিয়াৰে পোষকতা কৰিছে বুলিও সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd