NORTHEAST NOW (Assamese)

দৈৰ উপকাৰীতা জানো আহক

May 14, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 13, 2025 11:07 pm

দৈ হৈছে এৱা গাখীৰৰ পৰা তৈয়াৰ কৰা এবিধ উৎপাদিত খাদ্য গাখীৰক বেক্টেৰিয়া দৈ লৈ পৰিণত কৰে। সাধাৰণতে লেক্টবেছিলাছ বেক্টেৰিয়ৰ দ্বাৰা গাখীৰত থকা লেক্টিক এচিড ফাৰ্মেণ্টেচনৰ জৰিয়তে দৈ তৈয়াৰ হয়।

. প্ৰবায়টিকৰ উৎস : দৈত থকা উপকাৰী বেক্টেৰিয়াই পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।

. পুষ্টিকৰ উপাদান : দৈত প্ৰটিন, কেলচিয়াম, ভিটামিন B12, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যি হাড়ৰ স্বাস্থ্য, পেশীৰ কাৰ্যক্ষমতা আৰু সামগ্ৰিক শক্তিৰ বাবে উপকাৰী।

. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : দৈৰ প্ৰবায়টিক আৰু পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।

. ওজন নিয়ন্ত্ৰণ : দৈত থকা প্ৰটিনে পেট ভৰ্তি অনুভৱ কৰায় আৰু অত্যধিক খাদ্য গ্ৰহণৰ পৰা ৰক্ষা কৰে।

. হৃদৰোগৰ সম্ভাৱনা হ্ৰাস : কিছুমান অধ্যয়নত পোৱা গৈছে যে দৈৰ নিয়মীয়া সেৱনে হৃদৰোগৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

. লেক্টজ অসহিষ্ণুতাৰ বাবে উপযোগী : দৈত লেক্টজৰ পৰিমাণ গাখীৰতকৈ কম থাকে, গতিকে লেক্টজ অসহিষ্ণু লোকৰ বাবে ই সহজে হজম হয়।

Related News