NORTHEAST NOW (Assamese)

তিতাকৈ কেৰেলা খালেহে বুজিবা! জানো আহক তিতা কেৰেলাৰ উপকাৰিতা

March 3, 2025 8:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 3, 2025 8:10 pm

খাবলৈ তিতা লাগিলেও তিতা কেৰেলা এবিধ পুষ্টিকৰ পাচলি। তিতা কেৰেলাৰ আছে যথেষ্ট স্বাস্থ্যকৰ গুণ। অসমীয়া খাদ্যত ইয়াক সাধাৰণতে তৰকাৰী বা ভাজি হিচাপে খাবলৈ ব্যৱহাৰ কৰা হয়। জানো আহক তিতা কেৰেলাৰ কিছু স্বাস্থ্যকৰ গুণৰ বিষয়ে –

১. তিতা কেৰেলাই ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তেজত গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। গতিকে ই ডায়েবেটিছ ৰোগীৰ অতি উপকাৰী।

২.  তিতা কেৰেলা ফাইবাৰযুক্ত হোৱা বাবে পাচন প্রক্রিয়া উন্নত কৰে। ই কোষ্ঠকাঠিন্যৰ বাবেও উপকাৰী।

৩.  ভিটামিন চি, এ আৰু এন্টিঅক্সিডেণ্টেৰে সমৃদ্ধ হোৱা বাবে তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৪. তিতা কেৰেলাই লিভাৰৰ বিষাক্ত পদার্থ দূৰ কৰাত সহায় কৰে।

৫.  তিতা কেৰেলাত থকা ভিটামিন এ আৰু বিটা-কেৰটিনে চকুৰ ৰোগ ৰোধ কৰাত সহায় কৰে।

৬. ই তেজৰ পৰা বিষাক্ত পদার্থ আঁতৰাই চালৰ ৰোগ নিৰাময় কৰে।

৭. কম কেলৰি আৰু উচ্চ ফাইবাৰযুক্ত হোৱা বাবে তিতা কেৰেলাই ওজন কমোৱাত সহায় কৰে।

Related News