NORTHEAST NOW (Assamese)

লকডাউনত গ্ৰাহকলৈ LICৰ সকাহ; প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি

April 12, 2020 1:30 pm · এন ই নাও নিউজ

দেশত চলি থকা লকডাউনৰ মাজতে গ্ৰাহকলৈ কিছু সকাহ দিছে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী LICয়ে। কোম্পানীটোৱে মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে।

কোম্পানীটোৱে লগতে  স্পষ্ট কৰিছে যে কৰ’না ভাইৰাছৰ ফলত মৃত্যু হ’লেও নিয়ম অনুযায়ী গ্ৰাহকৰ পৰিয়ালে বীমাৰ টকা লাভ কৰিব।

তদুপৰি, এই বীমাৰ টকা পোৱাৰ ক্ষেত্ৰত বেছি দৌৰাদৌৰি কৰিব লগা নহ’ব। জীৱন বীমা নিগমে  প্ৰাথমিকতাৰ ভিত্তিত গ্ৰাহকক এই ধন পোৱাৰ ব্যৱস্থা কৰিব।

শনিবাৰে জীৱন বীমা নিগম কৰ্তৃপক্ষই এক প্ৰেছ বিবৃতিত কয় যে ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা আগেয়েই বৃদ্ধি কৰা হৈছিল। এইবাৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা ৩০ দিন বঢ়াই দিয়া হৈছে।

ইয়াৰ ফলত এতিয়া ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমাও নতুনকৈ নিৰ্দ্ধাৰণ কৰা হৈছে। ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ তাৰিখ এতিয়া পূৰ্বৰ ২২ মাৰ্চৰ পৰিৱৰ্তে ১৫ এপ্ৰিল কৰা হৈছে।

আনহাতে, গ্ৰাহকে এল আই চিৰ ডিজিটেল পেমেন্ট অপশ্যন গ্ৰহণ কৰি প্ৰিমিয়াম জমা দিব পাৰিব। কোম্পানীটোৱে স্পষ্ট কৰিছে যে ইয়াৰ বাবে গ্ৰাহকে কোনো অতিৰিক্ত ছাৰ্ভিছ চাৰ্জ দিব নালাগে।

তদুপৰি, অনলাইনযোগে প্ৰিমিয়াম দিবলৈ অসুবিধা হ’ল গ্ৰাহকে এক্সিছ বা আই ডি বি আই বেংকৰ জৰিয়তেও প্ৰিমিয়াম দিব পাৰিব।

ইপিনে,  যিসকল গ্ৰাহকৰ পলিচি মেচিউৰ হৈছে তেওঁলোকেও টকা পোৱাত কোনো সমস্যা নহয় বুলি স্পষ্ট কৰি দিছে বীমা কোম্পানীটোৱে। তদুপৰি,কাৰো পলিচি বন্ধ হৈ থাকিলে সেয়া কোনো কাৰণ নদৰ্শাই অনলাইনত সেয়া পুনৰ আৰম্ভ কৰিব পাৰিব।

কোম্পানীটোৱে ঘোষণা কৰা এই সুবিধাসমূহে দেশৰ কোটি কোটি LIC গ্ৰাহকক কাহ দিব বুলি আশা কৰা হৈছে।

Related News