NORTHEAST NOW (Assamese)

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

January 28, 2023 8:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 28, 2023 7:36 pm

হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনৰ পাছতে যোৱা দুদিন ধৰি আদানী গ্ৰুপৰ শ্বেয়াৰত বৃহৎ পতন ঘটিছে। যোৱা দুটা দিনতে আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত আদানী গ্ৰুপৰ প্ৰায় ৪ লাখ কোটি টকা লোকচান হৈছে।

আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ ফলত এতিয়া ক্ষতিগ্ৰস্ত হৈছে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC। আদানী গ্ৰুপৰ পাঁচটা কোম্পানীত এল আই চিৰ অংশীদাৰিত্ব আছে। এই কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত এল আই চিৰ ১৬,৬২৭ কোটি টকা লোকচান হৈছে।

শুকুৰবাৰে আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ ফলত এল আই চিৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পায়। মঙলবাৰে এল আই চিৰ হোল্ডিং ৭২,১৯৩ কোটিৰ পৰা ৫৫,৫৬৫ কোটিলৈ হ্ৰাস পায়।শুকুৰবাৰে এল আই চিৰ শ্বেয়াৰৰ মূল্যৰ ওপৰতো হেঁচা দেখা গৈছিল। দুটা দিনত এল আই চিৰ শ্বেয়াৰ মুঠ ২২ শতাংশ হ্ৰাস পাইছে।

আদানীৰ শ্বেয়াৰ কিমান পতন ঘটিছে?

আদানী গ্ৰুপৰ টোটেল গেছত এল আই চিৰ ৫.৯৬ শতাংশ অংশীদাৰিত্ব আছে আৰু শুকুৰবাৰে এই শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে।

আদানী এণ্টাৰপ্ৰাইজেছত এল আই চিৰ ৪.২৩ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াৰো শ্বেয়াৰৰ মূল্য ১৮.৫ শতাংশ হ্ৰাস পাইছে।

আদানী ট্ৰেন্সমিছনত এল আই চিৰ অংশীদাৰিত্ব পৰিমাণ হ’ল ৩.৬৫ শতাংশ আৰু ইয়াৰ শ্বেয়াৰৰ মূল্য ১৯.৯৯ শতাংশ হ্ৰাস পাইছে।

আদানী বন্দৰত এল আই চিৰ হাতত ৯.১ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পাইছে।

আদানী গ্ৰীণ এনাৰ্জীতো এল আই চিৰ ১.২৮ শতাংশ অংশীদাৰিত্ব আছে আৰু ইয়াত আদানীৰ অংশীদাৰিত্ব ২০ শতাংশ হ্ৰাস পাইছে।

Related News