NORTHEAST NOW (Assamese)

বিশ্বনাথত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত লঘু যান-বাহন প্ৰদান

November 23, 2020 11:17 am · কাজি জেইদুল ইছলাম
ফটো নর্থইষ্ট নাও

বিশ্বনাথ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত হিতাধীকাৰীক লঘু যান-বাহন প্ৰদান কৰা হয়।

বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱন প্ৰাংগনত এই উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, যান-বাহন বাছনি সমিতিৰ সদস্য ক্ৰমে পৰেশ বৰকাকতি, নোমল বৰা, মৰমী ভট্টাচাৰ্য্য, বিশ্বনাথ জিলা পৰিবহন বিষয়া আৰু জীতেন বৰগোঁহাই।

প্ৰথম পৰ্যায়ত জিলা খনৰ মুঠ ৩৭ জন হিতাধীকাৰীক নিৰ্বাচন কৰা হয় আৰু ইয়াৰে ৫ জন হিতাধীকাৰীক  আনুষ্ঠানিকভাৱে লঘু যান-বাহন প্ৰদান কৰা হয়।

আনহাতে, দ্বিতীয় পৰ্যায়ত এতিয়ালৈকে ৩৮ জনে আবেদন দাখিল কৰিছে বুলি জানিবলৈ দিছে জিলা পৰিবহণ বিষয়া গৰাকীয়ে।

অসম চৰকাৰে বাহনৰ মূল্যৰ  ২৫% শতাংশ ধন প্ৰদান কৰা এই যান বাহন লাভ কৰি বহু নিবনুৱা স্বাবলম্বী হ’ব বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই।

Related News