NORTHEAST NOW (Assamese)

ইংলেণ্ডত বিকি-কেটৰিনা! লণ্ডনত সন্তান জন্ম দিয়াৰ সম্ভাৱনা

May 22, 2024 11:42 am · এন ই নাও নিউজ, গুৱাহাটী

এইকেইদিন লণ্ডনত আছে কেটৰিনা কাইফ আৰু বিকি কৌশল৷ আচলতে কিছুদিন পূৰ্বে দুয়োগৰাকী তাৰকাৰ ভিডিঅ’ লণ্ডনত ভাইৰেল হৈছিল৷ তাৰ পাছত কেটৰিনাৰ গৰ্ভধাৰণৰ বাতৰিয়ে গতি লাভ কৰিছিল। এতিয়া এটা প্ৰতিবেদনত কেটৰিনা কাইফ গৰ্ভৱতী বুলি দাবী কৰা হৈছে।লণ্ডনত প্ৰথম সন্তান জন্ম দিব বুলিও দাবী কৰা হৈছে।

কেটৰিনা কাইফৰ গৰ্ভধাৰণৰ খবৰে বহুদিনৰ পৰা চৰ্চা চলি আহিছে৷ ইফালে লণ্ডনৰ পৰা অহা কেটৰিনা কাইফ আৰু ভিকি কৌশলৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অনুৰাগীয়ে বেবী বাম্প লক্ষ্য কৰিছিল বৰ্তমান এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷

 

 

View this post on Instagram

 

A post shared by Instant Bollywood (@instantbollywood)

হাৰমান গোমেছ নামৰ এজন ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই কথা শ্বেয়াৰ কৰাৰ সময়ত লিখা হৈছে যে বলীউডৰ তাৰকা দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশলক লণ্ডনৰ বেকাৰ ষ্ট্ৰীটত খোজ কাঢ়ি থকা দেখা গৈছে। বিকি কিমান ভদ্ৰলোক, পত্নীৰ লগত কিমান সৌহাৰ্দ্যপূৰ্ণ স্পষ্টকৈ দেখা যায়। এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেটৰিনাই লণ্ডনত সন্তান জন্ম দিব।উল্লেখ্য যে এতিয়ালৈকে দম্পতীহালৰ পৰা কোনো তথ্য প্ৰকাশ পোৱা নাই।

ইণ্টাৰনেটত এই ভিডিঅটো চাই মানুহে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। একাংশ লোকে এই ভিডিঅ’টোক লৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে একেটা কথাই কৈছে যে এইটো কাৰোবাৰ গোপনীয়তাত হস্তক্ষেপ। একাংশই আনকি এই ভিডিঅ’টো ডিলিট কৰাৰ কথাও কৈছে।

টুইটসমূহত হাৰ্মান গোমেছে উত্তৰত লিখিছে যে এইটো এটা ৰাজহুৱা স্থান আৰু যদি ৰাজহুৱা ব্যক্তিত্ব হোৱা চেলিব্ৰিটিসকলে ৰাজহুৱা স্থানত ঘূৰি ফুৰে তেন্তে মানুহে তেওঁলোকৰ ফটো লয়, এইটো এটা স্বাভাৱিক কথা আৰু লগতে তেওঁ কৈছে যে এই ভিডিঅ’টো হ’ব পাৰে ঘৰ বা কাৰ্যালয়ত লোৱা হৈছে। ইয়াক কোনো উৎসৰ পৰা লোৱা হোৱা নাই যিয়ে তেওঁলোকৰ গোপনীয়তাত বাধাৰ সৃষ্টি কৰিব।

Related News