PAN-Aadhar link: আয়কৰ বিভাগৰ কঠোৰ নিয়ম-জৰিমনা; নামানিলে অচল হৈ পৰিব পেন কাৰ্ড

পেন আৰু আধাৰ সংযোগৰ সময়সীমা ২০২২ৰ ৩১ মাৰ্চৰ পৰা ২০২৩ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। ফলত আপোনাৰ পেন কাৰ্যক্ষম হৈ থাকিব যদিও ২০২২-ৰ ১ এপ্ৰিলৰ পিছত আপুনি আধাৰৰ সৈতে পেন সংযোগ কৰাৰ বাবে জৰিমনাও পৰিশোধ কৰিব লাগিব।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ বা চিবিডিটিয়ে যোৱা ২৯ মাৰ্চত এই সন্দৰ্ভত জাননী প্ৰকাশ কৰিছিল।

যদি আপুনি এই বছৰৰ ৩০ জুন বা তাৰ আগতে পেনৰ সৈতে আধাৰ সংযোগ কৰে, আপুনি ৫০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব। একেদৰে, যদি কোনোবাই ১জুলাই বা তাৰ পিছত পেনৰ সৈতে আধাৰ সংযোগ কৰে তেন্তে জৰিমনা হ’ব ১,০০০ টকা। অৱশ্যে ২০২৩ৰ ৩১ মাৰ্চলৈকে পেন আধাৰৰ সৈতে সংযুক্ত নহ’লেও পেন কাৰ্যকৰী হৈ থাকিব।

লগতে পঢ়ক: খহনীয়াত বিধ্বস্ত বিদ্যালয়: এটা কোঠাতে অনুষ্ঠিত চাৰিটাকৈ শ্ৰেণীৰ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা

চিবিডিটিয়ে জনাইছিল যে যদি ২০২২ৰ ৩১ মাৰ্চলৈকে পেন আৰু আধাৰ সংযোগ কৰা নহয় তেন্তে কৰদাতাই ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে জৰিমনা পৰিশোধ কৰিব লাগিব। চিবিডিটিয়ে যিকোনো ক্ষেত্ৰত কিমান টকা জৰিমনা বিহা হৈছিল তাৰ উল্লেখো কৰিছিল। ১ এপ্ৰিলৰ পৰা ২০২২ৰ  ৩০ জুনলৈকে পৰৱৰ্তী তিনি মাহৰ বাবে জৰিমনা ৫০০ টকা হ’ব। ইয়াৰ পিছত, যদি ২০২৩ৰ ৩১ মাৰ্চলৈকে পেন আৰু আধাৰ সংযোগ কৰা নহয় ১,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব।

চিবিডিটিয়ে লগতে জনাইছে যে ২০২৩ৰ ৩১ মাৰ্চলৈকে আধাৰ পেনৰ সৈতে সংযুক্ত নহ’লেও পেন কাৰ্ডখন নিষ্ক্ৰিয় নহয়। কিন্তু যদি ২০২৩ৰ ৩১ মাৰ্চৰ পিছতো পেনৰ সৈতে আধাৰ সংযোগ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেন্তে পেন কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ’ব। নিষ্ক্ৰিয় পেন সক্ৰিয় কৰিবলৈও জৰিমনা বিহা হৈছে। তেনে ক্ষেত্ৰত আয়কৰ আইনৰ ধাৰা ২৭২-বি-ৰ অধীনত ১০,০০০ টকাৰ জৰিমনা আদায় দিবলগীয়াত পৰিব পাৰে।

লগতে পঢ়ক: ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ

পেন-আধাৰ কেনেকৈ লিংক কৰিব? আয়কৰ বিভাগৰ ৱেবছাইটলৈ যাওক। তাত আধাৰ লিংক শাখাত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ, পেন কাৰ্ড নম্বৰ আৰু নাম দিয়ক। তাৰ পিছত লিংক আধাৰ বিকল্পত ক্লিক কৰক। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ আধাৰ-পেন লিংক কৰা হ’ব।  এছএমএছৰ জৰিয়তেও লিংক কৰিব পাৰি। ইয়াৰ বাবে ফোনত ইউআইডিএপিএএন (UIDAPAN) টাইপ কৰক। ইয়াৰ পিছত ১২ টা অংকৰ আধাৰ নম্বৰ দিয়ক। তাৰ পিছত ১০ টা অংকৰ পেন নম্বৰ দিয়ক। ইয়াক 567678 বা 56161 লৈ প্ৰেৰণ কৰক।