NORTHEAST NOW (Assamese)

Lionel Messi Made History: দলৰহৈ ৫টাৰ ৫টা গোলেই দিলে মেছিয়ে; পেলেক অতিক্ৰমি হ’ল ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গোলদাতা

June 6, 2022 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

পেছাদাৰী, ফুটবলৰ প্ৰতি থকা প্ৰগাঢ় ভালপোৱাৰ বাবেই ৰেংকিঙৰ তালিকাৰ একেবাৰে তলত থকা দলৰ বিৰুদ্ধেও নিজকে প্ৰমাণ কৰাৰ আগ্ৰহ ৰাখে, গোল কৰাৰ বাবে থাকে তীব্ৰ ক্ষুধা – আৰু এই সকলোবোৰে লিয়’নেল মেছিক আন সকলোৰে পৰা পৃথক কৰি তোলে।

তেওঁ নহ’লে এষ্টোনিয়াৰ দৰে ১১০ নম্বৰ দলৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব! বাকী জ্যেষ্ঠ খেলুৱৈসকলে বিশ্ৰাম লোৱাৰ সময়ত মেছিয়ে খেলপথাৰত নামি চমক দেখুৱালে। সেয়াই নহয়, আৰ্জেন্টিনাই দিয়া ৫টা গোলৰ ৫টাই দি মেছি গঢ়িলে অভিলেখ।

আৰ্জেণ্টিনাৰ অধিনায়ক লিয়’নেল মেছি ইউৰোপিয়ান কাপ বা উৱেফা চেম্পিয়নছ লীগত খেলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত পাঁচটা গ’ল কৰা প্ৰথমগৰাকী ফুটবলাৰ হিচাপে পৰিগণিত হয়। তেওঁ দেশৰ জাৰ্চীত এখন খেলত ৫ টা গোল কৰা প্ৰথম আৰ্জেন্টিনাৰ খেলুৱৈ।

দেওবাৰে স্পেইনৰ আল চাদৰ ষ্টেডিয়ামত এষ্টোনিয়াৰ বিৰুদ্ধে খেলা এক আন্তৰ্জাতিক প্ৰীতিমূলক খেলতআৰ্জেণ্টিনাৰ হৈ মেছিয়ে অকলে পাঁচটা গোল কৰে। আৰ্জেণ্টিনাই মেচখন ৫-০ গোলত জিকিছিল। ইয়াকেলৈ আৰ্জেণ্টিনা ৩৩ খন খেলত অপৰাজিত হৈ ৰয়।

ইয়াৰ পূৰ্বে, মেছিয়ে তেওঁৰ পেছাদাৰী ফুটবল কেৰিয়াৰত আৰু এখন খেলত এবাৰ ৫টা গোল কৰিছিল। ২০১২ চনৰ সেই খেলখনত তেওঁ বাৰ্চিলোনাৰ জাৰ্চী পিন্ধি বেয়াৰ লেভাৰ্কুসেনৰ বিৰুদ্ধে ৫ টা গোল কৰিছিল। সেই খেলখন আছিল চেম্পিয়নছ লীগৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল। সেইটো আছিল তেওঁ কৰা প্ৰথম পাঁচটা গোল। এইবাৰ তেওঁ দেশৰ জাৰ্চীত একেই দৃষ্টান্ত স্থাপন কৰে। ক্লাব আৰু দেশৰ হৈ এখন খেলত ৫ টা গোল কৰাটো নিঃসন্দেহে এক বিৰল কৃতিত্ব।

দেওবাৰে মেছিয়ে প্ৰথম ৮ মিনিটত পেনাল্টিৰে গোল কৰা আৰম্ভ কৰি তাৰ পিছত ৪৫, ৪৭, ৭০ আৰু ৭৫ মিনিটত বাকীকেইটা গোল কৰে। মেছিৰ বাবেই আৰ্জেণ্টিনাৰ হাতত একপক্ষীয়ভাৱে পৰাজিত হয় এষ্টোনিয়া।

এই খেলখনৰ পিছত মেছিয়ে ব্ৰাজিলিয়ান কিংবদন্তী পেলেক অতিক্ৰম কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পিছত ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গোলদাতা হিচাপে পৰিগণিত হয়। মেছিয়ে বৰ্তমানলৈ ক্লাব আৰু দেশৰ হৈ মুঠ ৭৬৯ টা গ’ল কৰিছে। আনহাতে,ৰোনাল্ডোৰ মুঠ গ’লৰ সংখ্যা ৮১৩টা। পেলেই তেওঁৰ মসৃন কেৰিয়াৰত ৭৬৭ টা গ’ল কৰিছিল।

Related News