Lionel Messi: মেছিৰ পত্নীক অপমান! বিৰক্ত তাৰকা ফুটবলাৰগৰাকীৰ প্ৰতিক্ৰিয়া কেনে আছিল?

Messi family

Lionel Messi আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ জনপ্ৰিয়তাৰ তুলনা নাই। এইবাৰকে ধৰি সপ্তমবাৰৰ বাবে তেওঁ Ballon d’Or 2021 খিতাপ জয় কৰিছে। বিশ্ব ফুটবলত তেওঁৱেই আটাইকৈ অধিকবাৰ এই সন্মান লাভ কৰিছে।

এই বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে কিংবদন্তি ফুটবলাৰগৰাকী বিৰক্ত হৈ পৰা দেখা গৈছিল।

দৰাচলতে অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ৰেড কাৰ্পেটত বিশ্বৰ সংবাদমাধ্যমৰ সন্মুখত ৰেড কাৰ্পেটৰ ওপৰত ছবি তুলিবলৈ আহে প্ৰসিদ্ধ ফুটবলাৰসকল। মেছিয়েও তেওঁৰ পত্নী এন্টোনেলা আৰু সন্তান তিনিটাক লৈ উপস্থিত হয়।

Also Read: Indian Citizenship: বিগত ৫ বছৰত প্ৰায় ৬লাখ লোকে এৰিছে ভাৰতৰ নাগৰিকত্ব; লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য

অনুষ্ঠানত মেছিৰ সন্তান তিনিওটাই মেছিৰ দৰে পোছাক পৰিধান কৰিছিল। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে যে ফ্ৰান্স ফুটবলৰ ডিৰেক্টৰে এন্টোনেলাক অলপ আঁতৰি যাবলৈ কয়।

তেওঁ এন্টোনেলাক অলপ দূৰলৈ আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। যেন তেওঁ মেছি আৰু তেওঁৰ সন্তানকেইটিৰ একে পোছাকত থকা ছবি তুলিবলৈ বিচাৰিছিল।    

Also Read: Ameesha Patel: কিয় আমিষা পেটেলৰ বিৰুদ্ধে জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা?

এন্টোনেলাই ডিৰেক্টৰৰ নিৰ্দেশ অনুসৰি সন্তৰ্পণে দূৰলৈ আঁতৰি যায়। এনে ঘটনাত বিৰক্তিবোধ কৰে মেছিয়ে। তেওঁ পত্নীক পুনৰ কাষলৈ টানি আনে। তাৰপাছত গোটেই পৰিয়ালৰে ছবি লোৱা হয়।

উল্লেখ্য যে মেছি আৰু এন্টোনেলাৰ ৯ বছৰ বয়সত প্ৰথম দেখাদেখি হৈছিল। তাৰ পাছত সুদীৰ্ঘ পৰিক্ৰমা দুয়োৱে অতিক্ৰম কৰিছে বান্ধৱী, প্ৰেমিকা আৰু পত্নী হিচাপে।

ইপিনে, সপ্তমবাৰৰ বাবে বেলন ডি’অৰ খিতাপ অৰ্জন কৰি আনন্দিত মেছি। যোৱাটো ছিজনত কেইবাটাও সাফল্য লাভ কৰিছে মেছিয়ে।

কোপা আমেৰিকাত আৰ্জেন্টিনাক বিজয়ী কৰাত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল মেছিয়ে। তদুপৰি, বাৰ্ছেলোনাৰ হৈ কোপা ডেল ৰে জয়ী হৈছিল।

যোৱা ছিজনটোত তেওঁ ৪৭খন মেচ খেলি মুঠ ৩৮টা গোল কৰিছিল। এতিয়ালৈকে নতুন পিএছজি ক্লাৱৰ হৈ মেছিয়ে ১১টা গোল কৰিছে।