তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেৰ চিৰবিদায়; কি লিখিলে সাম্প্ৰতিক বিশ্ব ফুটবলৰ মহাতাৰকা মেছিয়ে?

এগৰাকী কিংবদন্তীৰ বিদায়। ফুটবল সম্ৰাট পেলেৰ সম্পৰ্কত এই বিশেষণ ব্যৱহাৰ কৰাৰ বিকল্প অৱশ্যে নাই। তিনিটা বিশ্বকাপ জয় কৰা পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে ফুটবল জগত। বৃহস্পতিবাৰে গভীৰ নিশা মহানায়কগৰাকীয়ে চিৰবিদায় মাগিলে।

কিংবদন্তি পেলেৰ মৃত্যুত সাম্প্ৰতিক ফুটবল বিশ্বৰ অন্যতম মহাতাৰকা লিঅ’নেল মেছিয়ে শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: বিদায়, দ্য কিং অৱ জগ’ বনিট’…….

বিশ্বকাপ শেষ হৈছে মাথোঁ। দীঘলীয়া অপেক্ষাৰ পিছত ট্ৰফী স্পৰ্শ কৰিছে মেছিয়ে। বিশ্বকাপ বিজয়ী এজন ফুটবলাৰে তিনিবাৰৰ বিশ্বকাপ বিজয়ীৰ মৃত্যুৰ পিছত লিখিছে, “শান্তিত থাকক।” মেছিয়ে তেওঁৰ আৰু পেলেৰ দুখন ফটোও পোষ্ট কৰিছে। গ’ল কৰাৰ পিছত পেলেৰ উত্তেজনাৰ ছবি।

এটা সময় আছিল যেতিয়া পেলেৰ মুখত মেছিৰ বিষয়ে প্ৰশংসা শুনা নগৈছিল। আনকি পেলেই ভাবিছিল যে নেইমাৰ মেছিতকৈ ভাল ফুটবল খেলুৱৈ।

পেলেই এক অনুষ্ঠানত কৈছিল, “সকলোৱে মেছিৰ বিষয়ে কথা পাতি আছে। তেওঁ এজন তাৰকা। কিন্তু যদি মেছি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হ’ব লাগে, তেন্তে প্ৰথমে তেওঁ নেইমাৰৰ তুলনাত ভাল হ’ব লাগিব।‘’

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

কিন্তু আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত পেলেই মেছিৰ প্ৰশংসা কৰে। চিকিৎসালয়ৰ পৰা তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল, “আন কালৰ দৰেই ফুটবলে ইয়াৰ কাহিনী কোৱা অব্যাহত ৰাখিছে। এক অতি আকৰ্ষণীয় কাহিনী কৈছে ফুটবলে। মেছিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জিকিছে। তেওঁৰ ফুটবলৰ যি সময় তাত এয়া যোগ্য আছিল। অভিনন্দন আৰ্জেণ্টিনা। ডিয়েগো (মাৰাডোনা) এতিয়া নিশ্চয় হাঁহি আছে।‘’ তেওঁ লিখনিৰ সৈতে মেছিৰ আনন্দৰ এখন ছবিও দিছিল।

২০২১ চনৰ পৰা অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে। কাটাৰ বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত ২৯ নৱেম্বৰত তেওঁক চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ডিচেম্বৰৰ ২২তাৰিখে, কৰ্কট ৰোগৰ যন্ত্ৰণা হঠাতে বৃদ্ধি পাইছিল। পেলেই এই বছৰ চিকিৎসালয়তে বৰদিন কটাইছিল।

লগতে পঢ়ক:১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী; মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পেলেৰ কন্যা কেলীয়ে তাইৰ অসুস্থ দেউতাকক বিচনাত আলিঙ্গন কৰা এখন ফটো পোষ্ট কৰিছিল। তেওঁৰ পুত্ৰ এডিচনও শনিবাৰে চিকিৎসালয়ত উপস্থিত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকল যোৱা কেইদিনমান ধৰি চিকিৎসালয়ত তেওঁৰ কাষত আছিল। কিন্তু সকলো শেষ হৈ আহিছিল। চিকিৎসকসকলে ফুটবল সম্ৰাটক আৰোগ্য কৰি তুলিব নোৱাৰিলে। সীমাহীন অনুৰাগীৰ মন ব্যথিত কৰি অজান দেশলৈ গুচি গ’ল পেলে।