NORTHEAST NOW (Assamese)

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

June 12, 2025 8:08 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াই মাত্ৰ ২১২ ৰানতে ইনিংছ সামৰিছিল। ৱেবষ্টাৰ (৭২) আৰু স্মিথ (৬৬)ৰ বাহিৰে আন কোনো অষ্ট্ৰেলিয়ান বেটছমেনে তেনেকৈ ৰান নাপালে। এক কথাত ক’বলৈ গ’লে অষ্ট্ৰেলিয়াই কাৰ্যতঃ ৰাবাডাৰ ওচৰত আত্মসমৰ্পণ কৰে।

প্ৰত্যুত্তৰত প্ৰথম দিনটোৰ শেষত ৪৩ ৰানত ৪টা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ ইনিংছ ছিন্নভিন্ন হ’বলৈ আৰম্ভ কৰে। দ্বিতীয় দিনৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাক মেচলৈ ঘূৰি আহিবলৈ পাৰ্টনাৰশ্বিপৰ প্ৰয়োজন হৈছিল।

সেই লক্ষ্যৰে নামিছিল বাভুমা আৰু বেডিংহাম। তেওঁলোকৰ যুটীয়ে ৬৪ ৰান সংগ্ৰহ কৰে। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই ছেট হোৱাৰ পিছতো ৩৬ ৰান কৰিয়েই ড্ৰেছিং ৰুমলৈ উভতি আহে।

ডেভিদ বেডিংহামৰ (৪৫) ইনিংছো বেছি সময় নিটিকিল। কামিন্সে তেওঁকো ঘূৰাই পঠিয়ালে। তাৰ পাছত কম সময়ৰ ভিতৰতে আৰু দুটা উইকেট পৰিল। কামিন্সে সেই সময়ত ৰুদ্ৰমূৰ্তি ধৰি আছিল। তেওঁ ৬ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ ইনিংছ সমাপ্ত হয় মাত্ৰ ১৩৮ ৰানত। অষ্ট্ৰেলিয়াই ৭৪ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ৫ উইকেটত ১২১ ৰান। তাৰ পৰা মাত্ৰ ১৭ ৰান যোগ দিয়েই তেওঁলোক অল আউট হৈছিল। বাভুমা আৰু বেডিংহামৰ বাহিৰে আন কোনো প্ৰটিয়াছ বেটছমেনে তেওঁলোকৰ দক্ষতা প্ৰমান কৰিব নোৱাৰিলে।

বাভুমা আউট হোৱাৰ পাছত বেডিংহামে উইকেটৰক্ষক কাইল ভেৰেইনৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। তেওঁক যথেষ্ট স্বাচ্ছন্দ্য যেন লাগিছিল। অৱশ্যে কামিন্সৰ বলত মনযোগ হেৰুৱাই ‘আনলাকি’ ১৩ ৰান সংগ্ৰহ কৰি পেভলিয়নলৈ ওভতে ভেৰেইন। মিচেল ষ্টাৰ্কে ২টা আৰু জোছ হেজলউডে ১টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ ইনিংছ এনেদৰে শেষ হোৱাৰ পিছত এই মুহূৰ্তত অষ্ট্ৰেলিয়াই সুবিধাজনক স্থানত আছে বুলি ক’ব পাৰি।

Related News