ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে টীয়কৰ কণমানি তনয়ে

Silver in Karate

তনয় শৰ্মা। ফটো: নৰ্থইষ্ট নাও।

বৰ্তমান সময় প্ৰতিযোগিতাৰ যুগ। প্ৰতিজন সন্তানৰ মাক-দেউতাকে নিজৰ সন্তানৰ ভৱিষ্যতৰ সপোনক বাস্তৱ ৰূপ দিয়াবলৈ চেষ্টা কৰে। টীয়কৰ এটি কণমানিয়ে সমগ্ৰ ৰাজ্যৰ লগতে অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰব।

টীয়ক পহুমৰা গাঁওৰ পিতৃ হৰেন শৰ্মা আৰু মাতৃ ৰীতা দেৱীৰ পুত্ৰ তথা ৫৪ নং প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ তনয় শৰ্মাই বিহাৰৰ ভাগলপুৰত অনুষ্ঠিত 16th National Ashihara Karate Championship ত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক লাভ কৰে।

এই বিজয়ে সমগ্ৰ অসমৰ লগতে টীয়ককো গৌৰবান্বিত কৰি তুলিছে। আৰ্থিক অনাটনৰ মাজতো আগবাঢ়ি যোৱা তনয়ৰ আগন্তক দিনত আৰু সফলতা লাভ কৰিবলৈ প্ৰয়োজন আপোনালোকৰ সহায় তথা আশীৰ্বাদৰ।

লগতে পঢ়ক: নতুন SOPক লৈ কি প্ৰতিক্ৰিয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ? ৰাইজলৈ কি আহ্বান?

উল্লেখযোগ্য যে Ashihara Karate Fedaration Of India ৰ সৌজন্যত 16th National Karate Chamiponshipত অসমে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে।

২৯ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই খেলখনত অসমৰ ৫০জনৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰে।

হেমন্ত বৰঠাকুৰ আৰু সুশান্ত দাসৰ নেতৃত্বত যোৱা দলটি য়ে ৩২ টা সোণৰ পদক, ১৮ টা ৰূপৰ পদক আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে।