তিনিচুকীয়াৰ ধলা খেৰবাৰীত ৫জন নিৰীহ বঙালী লোকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনকে ধৰি বৰাকৰ ১০৩ টা সংগঠনে দিয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ কিছু কিছু ঠাইত পৰিছে যদিও গুৱাহাটী মহানগৰীত বন্ধৰ প্ৰভাৱ একেবাৰে স্তিমিত পৰিলক্ষিত হৈছে।
আজি মহানগৰীৰ সকলো দোকান পোহাৰ খোলা থকাৰ উপৰি যান বাহনসমূহো নিয়মিত ৰূপত চলি আছে। সামগ্ৰিকভাৱে গুৱাহাটীত বন্ধৰ কোনো প্ৰভাৱ শূন্য বুলি ক’ব পাৰি।
আনহাতে, মহানগৰীৰ অতি ব্যস্ত ব্যৱসায়িক স্থান ফাঁচি বজাৰ সম্পূৰ্ণভাৱে খোলা থাকে। অইন দিনাৰ দৰে আজিও ফাঁচি বজাৰত সকলো দোকান পোহাৰ খোলা থকাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়।
পুৱাৰ ভাগত খানাপাৰাৰ পৰা আৰম্ভ কৰি মালিগাঁৱলৈকে বন্ধৰ প্ৰভাৱ সন্দৰ্ভত ভ্ৰমণ কৰি মহানগৰীত বাঙালী সংগঠনসমূহে আহ্বান কৰা বন্ধৰ বিশেষ প্ৰভাব পৰা দেখা পোৱা নগ’ল।
উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত ৬০ টা জাতি -জনগোষ্ঠীয় সংগঠনে দিয়া বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত সৰ্বাত্মক আছিল। চিটি বাছ মালিক সন্থা, সদৌ অসম মটৰ পৰিবহন সন্থাই এই বন্ধৰ প্ৰতি সহাঁৰি জনাই চিটীবাছ বন্ধ ৰখাৰ লগতে অন্যান্য অলা উবেৰৰ চলাচলো বন্ধ ৰাখিছিল। কিন্তু তাৰ বিপৰীতে আজিৰ দিনটোত চিটী বাছ মালিক সন্থাই এই বন্ধৰ প্ৰতি কোনো সহাঁৰি জনোৱা নাই।
আজি মহানগৰীত চিটিবাছসমূহ পূৰ্বৰ দৰে চলি থকা দেখিবলৈ পোৱা গৈছে। সেইদৰে অলা উবেৰৰ লগতে ব্যক্তিগত যান-বাহনসমূহো স্বাভাৱিকভাৱে চলি থকা পৰিলক্ষিত হৈছে।
অৱশ্যে মহানগৰীৰ মালিগাওঁ, লালগণেশ, কালাপাহাৰ আদি অঞ্চলত দুই এখন দোকান বন্ধ ৰখাৰ লগতে বন্ধৰ আংশিক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়।