NORTHEAST NOW (Assamese)

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

June 13, 2026 10:33 am · এন ই নাও নিউজ, গুৱাহাটী

স্মাৰ্টফোনৰ যুগত আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় প্ৰতিটো কামেই এতিয়া ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। কিন্তু কোনো মবাইল ফোনত ইণ্টাৰনেট সংযোগ অবিহনেই বিনামূলীয়াকৈ লাইভ টিভি চেনেল চাব পৰা গলে কেনে হ? শুনিবলৈ আচৰিত যেন লাগিলেও এতিয়া এনে এক প্ৰযুক্তিৰে নিৰ্মিত বিশেষ ফীচাৰ ফোন বজাৰলৈ আহিছে। ডি২এম প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা এই ফোনটোৱে কোনো ইণ্টাৰনেট ডেটা ব্যৱহাৰ নকৰাকৈয়ে পোনপটীয়াকৈ মবাইলৰ পৰ্দাত টিভি সম্প্ৰচাৰ দেখুৱাব পাৰিব। উল্লেখযোগ্য যে এই বিশেষ ফোনটো ভাৰততে নিৰ্মাণ কৰা হৈছে।

ডি২এম অৰ্থাৎ ডাইৰেক্ট টু মবাইলহৈছে এনে এক প্ৰযুক্তি, যাৰ জৰিয়তে মবাইল ফোনে পোনপটীয়াকৈ টিভি সম্প্ৰচাৰৰ সংকেত গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে ইণ্টাৰনেট বা ৱাই-ফাই সংযোগৰ কোনো প্ৰয়োজন নহয়। আগৰ দিনত এণ্টেনাযুক্ত টিভিৰ সহায়ত যিদৰে অনুষ্ঠান চোৱা হৈছিল, প্ৰায় একেধৰণে এই ফোনটোৰ জৰিয়তেও সংকেত গ্ৰহণ কৰি লাইভ টিভি চেনেল উপভোগ কৰিব পৰা যাব।

বিশেষজ্ঞসকলৰ মতে, ভৱিষ্যতে এই প্ৰযুক্তিয়ে দেশৰ কোটি কোটি সাধাৰণ মানুহৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। বিশেষকৈ গ্ৰামাঞ্চল অথবা দুৰ্বল ইণ্টাৰনেট সংযোগ থকা অঞ্চলসমূহৰ বাবে এই প্ৰযুক্তি অত্যন্ত উপযোগী হব পাৰে।

দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি প্ৰতিষ্ঠান খুশ টেক কোৰিয়াই দাবী কৰা অনুসৰি, তেওঁলোকেই বিশ্বৰ প্ৰথমটো ডি২এম প্ৰযুক্তিসম্পন্ন ফীচাৰ ফোন নিৰ্মাণ কৰিছে। ফোনটোৰ নক্সা দক্ষিণ কোৰিয়াত প্ৰস্তুত কৰা হলেও ইয়াৰ উৎপাদন সম্পূৰ্ণৰূপে ভাৰততে কৰা হৈছে। সেইবাবেই ডিভাইচটোৱে মেড ইন ইণ্ডিয়াৰ মৰ্যাদা লাভ কৰিছে।

প্ৰতিষ্ঠানটোৰ মতে, ভৱিষ্যতে এই প্ৰযুক্তি কেৱল টিভি চোৱাৰ মাজতে সীমাবদ্ধ হৈ নাথাকিব। জৰুৰীকালীন পৰিস্থিতিত গুৰুত্বপূৰ্ণ তথ্য সম্প্ৰচাৰ, শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ আৰু চৰকাৰী সেৱা সম্পৰ্কীয় তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো ডি২এম প্ৰযুক্তিয়ে বিশেষ ভূমিকা পালন কৰিব পাৰে।

ফোনটোৰ ডিজাইন আৰু ডিছপ্লেৰ কথা কবলৈ গলে, ইয়াত ২.৪ ইঞ্চিৰ এটা পৰ্দা দিয়া হৈছে। পৰ্দাখনৰ ৰিজলিউচন হৈছে ৩২০×২৪০ পিক্সেল। আকাৰত সৰু হলেও দৈনন্দিন ব্যৱহাৰৰ বাবে এই ডিছপ্লেযথেষ্ট উপযোগী। ফোনটোৰ সন্মুখৰ অংশত গ্লাছ ফিনিছ ব্যৱহাৰ কৰা হৈছে। পিছফালৰ অংশ আৰু ফ্ৰেম প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে। ডিভাইচটোৰ ওজন মাত্ৰ ২২০ গ্ৰাম।

ফোনটোৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ ভিতৰত সংলগ্ন টেলিস্কোপিক এণ্টেনা। প্ৰয়োজন অনুসৰি এই এণ্টেনা টানি উলিয়াব পাৰি। এণ্টেনাটোৱে টিভি সম্প্ৰচাৰৰ সংকেত গ্ৰহণ কৰাত সহায় কৰে।

এই ফোনটো গুগলৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত নচলে। ইয়াৰ পৰিৱৰ্তে ডিভাইচটোত থ্ৰেডএক্সঅপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰা হৈছে। প্ৰচেছৰ হিচাপে সংযোজন কৰা হৈছে ইউনিছকৰ ইউএমএছ৯১১৭-এল চিপছেট। ফোনটোত ৬৪ এমবি ৰেম আৰু ১২৮ এমবি আভ্যন্তৰীণ ষ্টৰেজ আছে। ব্যৱহাৰকাৰীয়ে মাইক্ৰএছডি কাৰ্ডৰ সহায়ত ইয়াৰ ষ্টৰেজ ১২৮ জিবিলৈকে বৃদ্ধি কৰিব পাৰিব।

ইয়াৰ উপৰি ফোনটোত ১৮০০ এমএএইচ ক্ষমতাসম্পন্ন বেটাৰী দিয়া হৈছে। প্ৰয়োজন অনুসৰি বেটাৰীটো খুলি সলনিও কৰিব পৰা যাব। ইণ্টাৰনেট সংযোগৰ সীমাবদ্ধতা দূৰ কৰি সাধাৰণ মানুহৰ হাতত সহজে তথ্য আৰু মনোৰঞ্জনৰ সুবিধা তুলি ধৰাৰ ক্ষেত্ৰত এই বিশেষ ফোনটোৱে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

Related News