• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Race for UK PM: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰিত্বৰ দৌৰত হঠাতে ভাৰতীয় মূলৰ ঋষি ছুনাকতকৈ আগবাঢ়িল লিজ ট্ৰাছ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2022 12:43 pm
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত ঋষি ছুনাক (বাওঁফালে) আৰু লিজ ট্ৰাছ।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত ঋষি ছুনাক (বাওঁফালে) আৰু লিজ ট্ৰাছ।

189
VIEWS
Share on FacebookShare on Twitter

Race to become UK PM ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ বাবে চলি থকা খেলখন হঠাতে ঘূৰি গ’ল নেকি? হঠাতেই কিয় সলনি হ’ল দৃশ্যপট ? একেৰাহে আগবাঢ়ি থকাৰ পিছতো কিয় লিজ ট্ৰাছে ঋষি ছুনাকক অতিক্ৰম কৰিলে?

বৰ্তমানৰ বৈদেশিক মন্ত্ৰী লিজ ট্ৰাছে এতিয়া ব্ৰিটেইনৰ বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী বাছনিৰ যুঁজত প্ৰাক্তন বিত্তমন্ত্ৰী ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকৰ তুলনাত বহুত আগবাঢ়ি গৈছে। সমীক্ষা চলোৱা ‘ইউগভ’ নামৰ সংস্থাটোৱে  তাকেই সদৰী কৰিছে।

লগতে পঢ়ক: Russia-Ukraine War: ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতি: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

প্ৰাৰম্ভিক বাছনিত ঋষি ছুনাক সকলোৰে শীৰ্ষত আছিল। কিন্তু চূড়ান্ত যুঁজত এই সমীক্ষাটোৱে আন কথাহে কয়। ব্ৰিটেইনৰ শীৰ্ষ ইণ্টাৰনেট-আধাৰিত সমীক্ষাকাৰী সংস্থা হৈছে ইউগভ।

সংস্থাটোৱে বুধবাৰে আৰু বৃহস্পতিবাৰে কনজাৰ্ভেটিভ পাৰ্টিৰ ৭৩০ জন ৰাজনীতিকৰ মতামত লৈছিল। ইয়াৰ ভিতৰত, ৬২ শতাংশই লিজ ট্ৰাছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ৩৮ শতাংশই ঋষি ছুনাকক সমৰ্থন কৰিছে।

সেইদৰে, সমীক্ষাটোত ছুনাকৰ তুলনাত ট্ৰাছ ২৪ শতাংশ পইণ্টত আগবাঢ়ি আছে। কিন্তু দুদিন পূৰ্বে তেওঁলোকৰ মাজৰ ব্যৱধান আছিল ২০ পইণ্ট!

লগতে পঢ়ক:Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে

ইউগভে জনায় যে পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ বাবে হোৱা যুঁজখন গভীৰ হোৱাৰ লগে লগে লিজ ট্ৰাছৰ চূড়ান্ত বিজয়ৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে, কনজাৰ্ভেটিভ পাৰ্টিৰ মুৰব্বী হিচাপে প্ৰাৰম্ভিক বাছনিৰ পাঁচোটা ৰাউণ্ডত ছুনাক তেওঁৰ প্ৰতিদ্বন্দী ট্ৰাছতকৈ আগবাঢ়ি আছিল।

বুধবাৰৰ বাছনিত ১৩৭ জন সাংসদে ঋষি ছুনাকক ভোট দিয়াৰ বিপৰীতে লিজ ট্ৰাছে ১১৩ জনৰ সমৰ্থন পাইছিল। ইউগভে জনায় যে যোগ্যতা অৰ্জনৰ প্ৰথম চাৰিটা ৰাউণ্ডত ট্ৰাছ তৃতীয় স্থানত আছিল। বুধবাৰৰ ভোটত তেওঁ দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

লগতে পঢ়ক:West Bengal SSC scam: বিয়াগোম কেলেংকাৰী! ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী, ৰহস্যময়ী অৰ্পিতা মুখাৰ্জী

সেয়ে অন্তিম মুহূৰ্তৰ বাছনিত ট্ৰাছে এটা ডাঙৰ চমক দেখুৱাব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে । সেয়া হ’লে লিজ ব্ৰিটেইনৰ তৃতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী হ’ব। তেওঁৰ পূৰ্বে ব্ৰিটেইনত মাৰ্গাৰেট থেচাৰ আৰু টেৰেছা মে মহিলা প্ৰধানমন্ত্ৰী আছিল।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd