NORTHEAST NOW (Assamese)

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

January 22, 2021 11:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বহু প্ৰতীক্ষাৰ অন্তত যোৱা বছৰ স্বাক্ষৰিত হোৱা তৃতীয়খন বড়ো চুক্তিৰ বৰ্ষপুতি উপলক্ষ্যে অহা ২৭ জানুৱাৰিৰ দিনটোত প্ৰশাসনে চাৰিখন জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰিছে।

বিটিআৰৰ অন্তৰ্ভুক্ত এই চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওডালগুৰি।

স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা এক জাননী অনুসৰি ২৭ জানুৱাৰিত কোকৰাঝাৰ, বাক্সা, ওডালগুৰি আৰু চিৰাং জিলাৰ অন্তৰ্গত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।

উল্লেখযোগ্য যে, যোৱা বছৰ ২৭ জানুৱাৰিৰ দিনটোতে এন ডি এফ বি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি, এবছুৰ লগতে আন এটা বড়ো জাতীয় সংগঠনৰ মাজত তৃতীয় বড়ো চুক্তি সম্পাদন কৰা হৈছিল।

আৰু তৃতীয় বড়ো চুক্তি অনুসৰি বিটিএডিক বিটিআৰ হিচাপে জনা যায়।

উল্লেখ্য যে, ২০২০ৰ ২৭ জানুৱাৰিত তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে ১৯৯৩ চনত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সৈতে প্ৰথমখন আৰু ২০০৩ চনত বিদ্ৰোহী গোট বড়ো লিবাৰেশ্যন টাইগাৰ্ছ (বিএলটি)ৰ সৈতে দ্বিতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।

Related News