NORTHEAST NOW (Assamese)

নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নৈৰ ওপৰত প্ৰায় ৪ লাখ টকা ব্যয় সাপেক্ষে দলং নিৰ্মাণ ৰাইজৰ

November 14, 2020 5:58 pm · ইয়াছিন আলী

“ৰাইজে নখ জোকাৰিলে নৈ বয়” এই কথাষাৰ প্ৰমাণিত কৰিলে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা আৰু গোলাপাৰা গাৱঁৰ ৰাইজে।

যোৱা ২ আগষ্টত বানপানীৰ প্ৰৱল সোঁতে নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নৈৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই লৈ যোৱাৰ পিছত বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছিল।

ঠাইখনৰ যাতায়ত অব্যাহত ৰখাৰ বাবে বঙাইগাঁও জিলাৰ গড়কাপ্তানি বিভাগে এখন নাৱঁৰ ব্যৱস্থা কৰিছিল যদিও কিছুদিন পিছত নাওখন ওঠাই লৈ যোৱাৰ পিছত বৃহত্তৰ অঞ্চলৰ ৰাইজে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

ঠাইখনত দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক আব্দুল হাই নাগৰি, সাংসদ আব্দুল খালেকৰ লগতে চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে ঘৰে ঘৰে গৈ প্ৰায় ১২০০ ভুলুকা বাঁহ, ২০০ মান জাতি বাঁহ লগতে প্ৰতিটো পৰিয়ালৰ পৰা ২০০, ৩০০ আৰু ৫০০০ কৈ টকা সংগ্ৰহ কৰে।

প্ৰায় চাৰি লাখ টকা ব্যয় সাপেক্ষে ঠাইখনত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰি প্ৰায় ১২০ মিটাৰ দীঘল দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

ঠাইখনত দলং নিৰ্মাণৰ বাবে জনপ্ৰতিনিধি ক্ৰমে সাংসদ আব্দুল খালেক, বিধায়ক আব্দুল হাই নাগৰী, জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক সদস্যা, কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ৰাইজে বাহঁৰ দলং নিৰ্মাণ কৰি পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰুপ উদঙাই দিছে। ৰাজ্য চৰকাক গুৰুত্বপূৰ্ণ ঠাইখনত পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে।

আজি জাকজমকতাৰে স্থানীয় ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰছিদ আহমেদ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ দ্বাৰা  যাতায়তৰ বাবে দলংখন মুকলি কৰে।

Related News