মৰিগাঁও জিলা শিক্ষা বিভাগত একাংশ শিক্ষকৰ পৰা বিষয়া লৈকে চলিছে ব্যাপক দুৰ্নীতি আৰু কমিচনৰাজৰ বেহা।
ছাত্ৰ-ছাত্ৰীৰ শিক্ষন সামগ্ৰী আৰু খেলন সামগ্ৰীৰ বিষয়া এগৰাকীৰ বিৰুদ্ধে উত্থাপিত কমিছনৰাজৰ অভিযোগ ইতিমধ্যে সত্য প্ৰমাণিত হোৱাৰ দিশে গতি কৰাৰ সময়তে মৰিগাঁও জিলা শিক্ষা বিভাগৰ বিৰুদ্ধে ন ন দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।
এনে অভিযোগে জিলা শিক্ষা বিভাগৰ ভিতৰ চ’ৰাত কপনিৰ সৃষ্টি কৰিছে যদিও ইয়াৰ পৰাও যেন শিক্ষা লব বিচৰা নাই একাংশ লোকে।
সম্প্ৰতি মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট খোলাৰ নামতো সংগ্ৰহ কৰিছে ৪০ – ৫০ টকা পৰ্যন্ত।
অভিভাৱকৰ পৰা পোৱা এনে অভিযোগৰ ভিত্তিত লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত লাউভূৰুঙ্গা বালক প্ৰাথমিক বিদ্যালয়ত এটি সাংবাদিকৰ দল উপস্থিত হোৱাত ছাত্ৰ ছাত্ৰী সকলৰ একাউণ্ট খোলাৰ খৰচৰ বাবদ অভিভাৱকৰ পৰা টকা সংগ্ৰহ কৰি থকা অৱস্থাতে প্ৰধান শিক্ষকগৰাকীক সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত কয় যে- ছাত্ৰ ছাত্ৰী সকলৰ একাউণ্ট খোলাৰ বাবদ শিক্ষা খণ্ডটোৰ বহু শিক্ষকেই এনেদৰে টকা সংগ্ৰহ কৰিছে আৰু ময়ো কৰিছো বুলি কয়।
তেওঁঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে একাউণ্ট খোলাৰ বাবত ৪০ টকাকৈ সংগ্ৰহ কৰা বুলি অকপটে স্বীকাৰ কৰে।
অৱশ্যে এয়া এটা সাধাৰণ উদাহৰণহে। একাংশ শিক্ষকে ৫০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰো অভিযোগ পোৱা গৈছে। অৱশ্যে ইয়াৰ মাজতে আকৌ একাংশ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ একাউণ্ট খোলাৰ নামত কোনো ধৰণৰ টকা সংগ্ৰহ কৰা নাই।
প্ৰধান শিক্ষক গৰাকীয়ে এই টকা কম্পিউটাৰৰ খৰছৰ বাবে সংগ্ৰহ কৰা বুলি সাংবাদিকক জনায় যদিও একাংশ শিক্ষকে যিটো সময়ত বিনামূলীয়াকৈ একাউণ্ট খুলিব পাৰিছে সেইটো সময়ত বহু শিক্ষকে কিয় ছাত্ৰ ছাত্ৰীৰ নামত টকা সংগ্ৰহ কৰিব লগা হৈছে সেইটোহে বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে।
এই সন্দৰ্ভত মৰিগাঁও জিলা শিক্ষা বিষয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত বিষয়াগৰাকীয়ে কয় -বেংকৰ একাউণ্ট খোলাৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা টকা সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাই। আৰু এই সন্দৰ্ভত লিখিত অভিযোগ পালে তেনে শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব।
কিন্তু নিজা ববীয়াকৈ চৰজমিন তদন্ত নকৰিলে কেইজন সাধাৰণ নিৰক্ষৰ অভিভাৱকে শিক্ষা বিষয়াক অভিযোগ দিব সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে।
এতিয়া সকলোৱে মাজত এটাই প্ৰশ্ন যিটো সময়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্র ছাত্ৰীৰ বেংক একাউন্ট আৰু আধাৰ কাৰ্ড সমূহ সম্পূৰ্ণ বিনামূলীয়া বুলি ঘোষণা কৰিছে সেই সময়তে বেংকৰ একাউন্ট খোলাৰ নামত ধন সংগ্ৰহকাৰী দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয়।