সেনা জোৱান কাশেমৰ বিৰুদ্ধে পত্নী নিৰ্যাতন আৰু শিশু হত্যাৰ অভিযোগ; গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ পথ অৱৰোধ

protest against killing

ফটো: নৰ্থইষ্ট নাও।

মঙলবাৰে ৰাতিপুৱা বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰত ৰাস্তা অৱৰোধ কৰি এজন নাৰী নিৰ্যাতনকাৰী, সন্দেহজনক শিশুহত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৰাইজে।

ভাৰতীয় সেনা জোৱান আবুল কাশেমক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সাধাৰণ ৰাইজে।

উত্থাপিত অভিযোগ অনুসৰি, আবুল কাশেমে যোৱা ২৪ জুন তাৰিখে এজন দেৱ শিশুক পানীত দলিয়াই দি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

নিজ পত্নীক তালাক দিয়াৰ চক্ৰান্ত কৰি পূৰ্বতে বহুবাৰ পত্নীক নিৰ্যাতন কৰাৰ লগতে পুত্ৰক হত্যা কৰাৰ চক্ৰান্ত কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ ৩য় খণ্ড গাৱঁৰ নশেৰ আলীৰ কন্যা মৰজিনা খাতুন (২৩) ক একে গাঁৱৰ মফিজ উদ্দিনৰ পুত্ৰ সেনা জোৱান আবুল কাশেমে কেইবা বছৰ পূৰ্বে ডেৰ লক্ষ্যাধিক টকা যৌতুক লৈ বিয়া পাতিছিল বুলি পত্নীয়ে জানিব দিয়ে।

কিন্তু  বিয়াৰ পিছৰে পৰা কাশেমে পত্নীক নিৰ্য্যাতন কৰিবলৈ ধৰে। শেহতীয়াকৈ নিজ পুত্ৰ মজিবুল হক (৩)ক পানীত পেলাই দি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পত্নীৰ লগতে একাংশ ৰাইজে।

ঘটনা সন্দৰ্ভত মেৰেৰচৰ আৰক্ষীয়ে তদন্ত কৰি আছে যদিও তদন্তত সন্দেহ প্ৰকাশ কৰি ৰাস্তা অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে পত্নীৰ পৰিয়ালৰ লগতে একাংশ ৰাইজে।

বালাৰচৰবাসীয়ে নাৰী নিৰ্যাতনকাৰী, শিশু হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা, ডিজিপি আৰু বঙাইগাওঁ আৰক্ষী অধীক্ষকক আহ্বান জনায়।

পথ অৱৰোধৰ কেই ঘন্টামান পিছতেই ডিএছপি লুনা সোণোৱাল মেৰেৰচৰ আৰক্ষীক লগত লৈ বালাৰচৰত উপস্থিত হৈ ৰাইজৰ লগতে পত্নীৰ পৰিয়ালৰ লগত মত বিনিময় কৰে।

ডিএছপি সোণোৱালে জানিব দিয়া মতে ঘটনা সন্দৰ্ভত উচিত তদন্ত হব আৰু মজিবুলৰ মৃত্যুৰ ৰহস্য ওলাই পৰিব। মৃত্যুৰ লগত যদি কোনোবা জড়িত থাকে তাক আইনে উচিত শাস্তি প্ৰদান কৰিব। ডিএছপি সোণোৱালৰ এনে পদক্ষেপক ৰাইজে  প্ৰশংসা কৰিছে।