NORTHEAST NOW (Assamese)

হাজোৰ শনিয়াদিত উত্তেজনা; মৃতদেহ ৰাজপথৰ ওপৰত ৰাখি পথ অৱৰোধ স্থানীয় লোকৰ

March 16, 2021 9:30 am · মৃদুল প্ৰীতম ডেকা
Updated: March 16, 2021 9:31 am
ফটো: নৰ্থইষ্ট নাও।

হাজোৰ শনিয়াদিত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা মৃতদেহ ৰাজপথৰ ওপৰত ৰাখি পথ অৱৰোধ কৰে স্থানীয় লোকসকলে।

স্থানীয় ক্ষুব্ধ লোকসকলে হাজো-বৰপেটা পথ অৱৰোধ কৰি ৰাখে। ছামচুল আলীৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত এনেদৰে ওলাই আছে সহস্ৰাধিক লোক।

দেওবাৰে সন্ধিয়া হাজোৰ বুল্লুটত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা। এই ঘটনাত নিহত হৈছিল ছামচুল আলী নামৰ এজন যুৱক।

এই ঘটনা এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে ছামচুলৰ পৰিয়াল তথা স্থানীয় লোকসকলে।

ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকলৰ লগতে অৰ্ধসামৰিক বাহিনী। আনকি আৰক্ষীৰ সৈতে বাক্ বিতণ্ডাত লিপ্ত হৈ পৰে একাংশ প্ৰতিবাদকাৰী।

ছামছুলৰ পৰিয়ালৰ লোকে ইতিমধ্যে কেইবাজনো লোকৰ বিৰুদ্ধে হাজো থানাত এজাহাৰ দাখিল কৰিছে। এই গুলিচালনাৰ ঘটনাই এতিয়া এক নতুন মোৰ লোৱা দেখা গৈছে।

Related News