NORTHEAST NOW (Assamese)

টিপং কলিয়ৰী কয়লা ক্ষেত্ৰত এজেণ্টৰ বঞ্চনাৰ বলি স্থানীয় ৰাইজ

June 17, 2021 5:41 pm · মানস প্ৰতিম গগৈ
*

মাৰ্ঘেৰিটা মহকুমাৰ টিপং কলিয়ৰী কয়লা ক্ষেত্ৰৰ দায়িত্বত থকা এজেণ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ব্ৰিটিছ আমোলৰে পৰা পাই থকা সুবিধা সমূহৰ পৰা এজেণ্টজনে ৰাইজক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ আনিছে ৰাইজে।

অতীতৰ পৰাই কল ইণ্ডিয়াৰ পৰা পাই অহা বিজুলী আৰু পানীৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে এজেন্টজনৰ বিৰুদ্ধে।

নিজা মইমতালিৰে একচত্ৰী সম্ৰাটৰ কায়দাৰে দায়িত্ব পালন কৰাৰ অভিযোগ এজেন্টজনৰ বিৰুদ্ধে।

সাধাৰণ খাটি খোৱা লোকক কলিয়ৰীৰ গেটেৰে অহা- যোৱা কৰাত বাধা দিয়াৰ বিপৰীতে নিশা কেইজনমান কাঠ মাফিয়াৰ লগ লাগি একেখন গেটেৰে অবৈধ কাঠ সৰবৰাহ কৰি অহাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।

ইয়াৰোপৰি নিশা কল ইণ্ডিয়াৰ লোহা সৰবৰাহ কৰাৰো অভিযোগ উঠিছে এজেন্টজনৰ বিৰুদ্ধে।

Related News