NORTHEAST NOW (Assamese)

কলিয়াবৰত বাঘৰ সন্ত্ৰাস: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰজাই প্ৰাণ লৈছে গোধনৰ

July 19, 2022 8:50 pm · ৰিদিপ শৰ্মা, কলিয়াবৰ

নগাঁও জিলাৰ কলিয়াবৰত বাঘৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে এটা ঢেকীয়াপতিয়া বাঘে।

যোৱা কিছুদিনৰ পৰা কলিয়াবৰৰ ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুক্ত বিচৰণ কৰিছে বাঘটোৱে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বিগত ৫ দিনৰ পৰা বাঘটোৱে উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

অঞ্চলটোৰ বাসিন্দাসকলৰ গোহালিত প্ৰৱেশ কৰি বাঘটোৱে গোধন ভক্ষণ কৰিছে। এনে পৰিস্থিতিত দিশহাৰা হৈ পৰিছে লোকসকল।

আজি পুনৰ ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জংঘলত এটা গৰু ভক্ষণ কৰাৰ দৃশ্য স্থানীয় লোকৰ কেমেৰাত বন্দী হৈছে।

বাঘটোৰ মুক্ত বিচৰণক লৈ আতংকিত হৈছে ফুলগুৰি গাঁৱৰ ৰাইজ। স্থানীয় ৰাইজে বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ আহ্বান জনাইছে বন বিভাগক।

Related News