DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

যোৱা তিনি বছৰত নাগৰিকত্ব ত্যাগ কৰিছে প্ৰায় ৪ লাখ ভাৰতীয়ই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 7:08 am
Indians renounced citizenship
185
VIEWS
Share on FacebookShare on Twitter

দেশবাসীক নৰেন্দ্ৰ মোদীৰ বিকাশৰ স্বপ্নই স্পৰ্শ কৰা নাই নে ভাৰতত থাকি হতাশাত ভুগিছে ভাৰতীয় সকলে ? মঙ্গলবাৰে কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা এক প্ৰতিবেদনৰ পিছত এই প্ৰশ্ন বাৰুকৈয়ে চৰ্চিত হৈছে।

সংসদত দাখিল কৰা কেন্দ্ৰ তথ্য অনুসৰি যোৱা তিনি বছৰত প্ৰায় ৪ লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰি অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

এই তিনিটা বছৰত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা হৈছে মুঠ ৩,৯২,৬৪৩ জন।

সংসদত উত্থাপন হোৱা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ২০১৯, ২০২০ আৰু ২০২১ চনত মুঠ ৩,৯২,৬৪৩ জন ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল।

এই তথ্য দাখিল কৰি তেওঁ লগতে কয় যে নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয় লোকসকলে ১২০ খনতকৈও অধিক দেশত নাগৰিকত্ব গ্ৰহণ কৰিছে।

তেওঁলোকৰ ভিতৰত ১,৭০,৭৯৫ জন লোকে গ্ৰহণ কৰিছে আমেৰিকাৰ নাগৰিকত্ব। আনহাতে কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে ৬৪,০৭১ জন লোকে।

সেইদৰে ৫৮,৩৯১ জনে অষ্ট্ৰেলিয়াত, ৩৫,৪৩৫ জন ব্ৰিটেইনত, ১২,১৩১ জনে ইটালীত, ৮,৮৮২ জনে নিউজিলেণ্ডত, ৭,০৪৬ জন, ছিংগাপুৰত ৬,৬৯০ জনে, জাৰ্মানীত ৩,৭৫৪ জনে নাগৰিকত্ব গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি পাকিস্তানতো ৪৮ জন লোকে নাগৰিকত্ব গ্ৰহণ কৰিছে।

যোৱা বৰ্ষত মুঠ ১,৬৩,৩৭০ জন ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল।

সেইদৰে ২০১৯ আৰু ২০২০ চনত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ক্ৰমান্বয়ে ১,৪৪,০১৭ আৰু ৮৫,২৫৬ জন।

এই লোকসকলে তেওঁলোকৰ ব্যক্তিগত কাৰণত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল বুলি ৰায়ে সংসদত দাবী কৰে।

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd