হাজোত ভূ মাফিয়াৰ দপদপনি; এইবাৰ নামিল বিদ্যালয়ৰ মাটি দখলত

Land Mafia's encroachment

ফটো: নৰ্থইষ্ট নাও।

সত্ৰৰ ভূমি নহয়, এইবাৰ দুষ্কৃতিকাৰীৰ শেন চকু পৰিছে বিদ্যালয়ৰ ভূমিত। হাজোৰ সস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভূমি দখলত নমাৰ অভিযোগ উত্থাপিত হৈছে একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে।

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ সূযোগ গ্ৰহণ কৰিছে ভূ-মাফিয়াই।

১৯৮৭  চনত স্থানীয় কেইগৰাকীমান শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনত বৰ্তমান ছাত্র-ছাত্ৰীৰ সংখ্যা ১২০ গৰাকী আৰু ইয়াৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰী আছে চাৰি গৰাকী।

ইতিমধ্যে বিদ্যালয়ৰ ভূমি বেদখলৰ বাবে ভূ-মাফিয়াই বিদ্যালয়ৰ চৌহদত ট্ৰেক্টৰেৰে মাটি চাহ কৰাৰ লগতে চৌদিশে বাঁহৰ খূটি স্থাপন কৰি এক প্ৰকাৰ বেদখল কৰাৰ বাবে উঠি -পৰি লাগিছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

Also read : Shiva Thapa,ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ তাৰকা বক্সাৰ শিৱ থাপাৰ

কেৱল এয়াই নহয়, বিদ্যালয়খনৰ নথি-পত্ৰ, আচবাব আদি লণ্ড-ভণ্ড কৰাৰ লগতে তিনিখন চিলিঙ ফেন ইতিমধ্যে চুৰি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভূ-মাফিয়া বিৰুদ্ধে।

শৌচলায় সমূহটো ড্ৰাগছ, মদ আৰু ভাঙৰ আড্ডা চলে বুলিও স্থানীয় ৰাইজৰ লগতে অভিযোগ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।

শীঘ্ৰে বিদ্যালয়ৰ ভৃমি বে-দখল মুক্ত কৰাৰ দাবীত ছাত্র-ছাত্ৰী তথা একাংশ স্থানীয় লোকে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।