NORTHEAST NOW (Assamese)

জৰাজীৰ্ণ ডিমৌ-ৰাইডংগীয়া পথত মাছ ধৰি, ভূঁই ৰুই প্ৰতিবাদ : মহিলাই জ্বলালে বিধায়কৰ পুত্তলিকা

August 25, 2018 6:44 am · মিণ্টু দাস
ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটি মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটি মেৰামতিৰ দাবীত বৃহস্পতিবাৰে নিশা শেতালী গাঁৱৰ মহিলা আৰু শিশুৱে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত শুকুৰবাৰেও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মহিলা তথা স্থানীয় ৰাইজে।

বৃহস্পতিবাৰে নিশা জিলা প্ৰশাসন অথবা বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ নোলোৱাৰ ক্ষোভতে শুকুৰবাৰে মহিলা আৰু স্থানীয় লোকসকলে পুনৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

স্থানীয় সমস্যাৰ প্ৰতি উদাসীন বিধায়ক ডিম্বেশ্বৰ দাসৰ পুত্তলিকা দাহ কৰে মহিলাসকলে। ফটো : নৰ্থইষ্ট নাও

পুৱা ১০ বজাত শেতালীৰ মহিলাসকলে হাতে হাতে জাকৈ-খালৈ লৈ ৰাজপথলৈ ওলাই আহি পুখুৰীসদৃশ ৰূপ ধাৰণ কৰা পথটিৰ ওপৰত মাছ মৰাৰ লগতে ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ মহিলাসকলে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস হুচিয়াৰ, গড়কাপ্তানি বিভাগ হায় হায়, আমাক ৰাস্তা লাগিবই আদি বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

আনকি মহিলাসকলে প্ৰতিবাদস্থলীতে  ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ পুত্তলিকাও দাহ কৰে। ইপিনে, স্থানীয় মহিলাৰ প্ৰতিবাদত পথটিৰে প্ৰায় দুঘন্টাৰ বাবে যাতায়ত স্তব্ধপ্ৰায় হৈ পৰে। যাৰ পৰিপ্ৰক্ষিতত পথৰ দুয়োফালে শতাধিক সৰু-বৰ বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়।

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত ৰহা চক্ৰ বিষয়া আৰু ৰহা আৰক্ষী উপস্থিত হয় আৰু ৰাইজৰে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত চক্ৰ বিষয়াগৰাকীয়ে দুদিনৰ ভিতৰত পথটি মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰাতহে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটিৰ ডিমৌৰ পৰা শেতালীলৈকে পথছোৱাৰ অতিশয় জৰাজীৰ্ণ অৱস্থাই বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাই আহিছে পথচাৰী তথা সৰ্বসাধাৰণ ৰাইজক। ৰহা সমষ্টিৰ অন্তৰ্গত পথ চোৱাৰ বিধ্বস্ত অৱস্থাৰ অৱসান বিচাৰি স্থানীয় ৰাইজে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো কোনো সুফল নোপোৱাত অৱশেষত যেন ধৈৰ্যৰ বান্ধ ছিগিল স্থানীয় মহিলা তথা ৰাইজৰ।

শ শ মহিলা আৰু কণ কণ শিশুৱে পথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত সমগ্ৰ পৰিস্থিতিটো বৃহস্পতিবাৰে নিশা ৰহা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হৈছিল।

Related News