NORTHEAST NOW (Assamese)

কামৰূপৰ গন্ধমৌত অচেতন অৱস্থাত উদ্ধাৰ যুৱক; নিচাযুক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটিলে ৫০ হাজাৰ টকা!

July 29, 2022 12:14 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

কামৰূপৰ গন্ধমৌ মথাউৰিত অচেতন অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক। অচেতন অৱস্থাত যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰে।

যুৱকজনে জালুকবাৰীত এখন চাৰিচকীয়া বাহনত উঠিছিল।

যুৱকজনক চাৰিচকীয়া বাহনখনত থকা  এজন লোকে খাবলৈ দিছিল কেক আৰু চাহ। তাৰ পিছৰে পৰা অচেতন হৈ পৰে যুৱকজন  ।

ফটো: নৰ্থইষ্ট নাও।

যুৱকজনক অচতেন কৰি দুৰ্বৃত্তই  যুৱকজনৰ পৰা লুটি নিয়ে নগদ ৫০ হাজাৰ টকা সহ মোবাইল ফোন।

শ্ৰমিক হিচাপে কাম কৰা যুবকজন গোলাঘাটৰ পৰা মুকালমুৱাৰ ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷

লগতে পঢ়ক: Protest against opening wine shop: বিলাতী সুৰাৰ দোকান খোলাক লৈ উত্তপ্ত পৰিস্থিতি; ধনুভাঙাৰ দুৰামাৰীত ৰাইজৰ প্ৰতিবাদ

যুৱকজনক উদ্ধাৰ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে যদিও উপস্থিত হোৱা নাই আৰক্ষী।

যুৱকজনৰ সৱিশেষ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

Related News