লকডাউন: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰধান মন্ত্ৰীলৈ চিঠি

APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

লকডাউনৰ সময়ত অসম চৰকাৰে ৰাজধৰ্ম পালন নকৰা বুলি অভিযোগেৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

“কৰ’না মহামৰীৰ পৰা বাচিবলৈ ৰাইজে চেষ্টা কৰি আছে৷ এনে এক দুৰ্যোগৰ সময়ত অসম চৰকাৰে মানৱীয় দৃষ্টিভংগী আৰু চৰকাৰৰ ৰাজধৰ্ম পৰিহাৰ কৰি তেওঁলোকৰ কিছুমান নেতা, পালিনেতাই সম্পূৰ্ন ৰাজনৈতিক মুনাফা লাভৰ বাবে নামি পৰিছে,” প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰিপুণ বৰাই কয়৷

তেওঁ লগতে কয়দেশজুৰি যি লকডাউন কৰা হৈছে এই লকডাউন ক্ষতিগ্ৰস্ত সকলো লোকক সাময়িকভাৱে সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে ৷ ৩০ মাৰ্চত ৰাজ্য চৰকাৰেও কেইটামান আঁচনি ঘোষণা কৰিছে৷

কিন্তু গুৰুত্বপূৰ্ণ এই যে এই আঁচনিসমূহৰ হিতাধিকাৰীৰসকলক আচলতে পঞ্চায়ত বা সংশ্লিষ্ট বিভাগে গাওঁসভাৰ যোগেদি নিৰ্বাচন কৰিব লাগে৷ কিন্তু তাকে নকৰি বিজেপি দলে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ব্লক আৰু সমষ্টি পৰ্যায়ৰ নেতা-পালিনেতাই ঘৰে-ঘৰে গৈ তালিকা প্ৰস্তুত কৰাৰ লগতে দুখীয়া মানুহৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ আহিছে৷

কিন্তু তেওঁলোকে যি তালিকা প্ৰস্তুত কৰিছে তাত কংগ্ৰেছী সমৰ্থকসকল বা বিজেপিৰ সমৰ্থক নোহোৱাসকল তালিকাৰ পৰা বঞ্চিত হৈছে৷ এই ক্ষেত্ৰত তেওঁ প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে৷

বিজেপিৰ নেতাই প্ৰচাৰ কৰি দিছে যে ৰাইজক চাউল দিয়া হ’ব কিন্তু সকলো ৰাইজ ওলাই আহিছে নাই প্ৰয়োজন অনুসৰি চাউল৷

“লগতে ব্যৰ্থ হৈছে লকডাউন ৷ সামাজিক দূৰত্ব ব্যৰ্থ হৈছে৷ সকলো নীতি-নিয়ম মানি ঘৰে-ঘৰে দিব লাগে চাউল,” বৰাই কয়৷

চাহ শ্ৰমিকসকলৰ  জীৱনক লৈ চৰকাৰে খেলা খেলিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে৷

“মালিক পক্ষৰ স্বাৰ্থত বাগানসমূহ খোলাৰ যি সিদ্ধান্ত লৈছে আমি তাক বিৰোধিতা কৰিছো,” বৰাই জনায়৷