লকডাউন: প্ৰব্ৰজনকাৰী শ্ৰমিক, দৰিদ্ৰৰ থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ

Guwahati's street dwellers get shelter ahead of lockdown

পদপথৰ লোকসকলক নি থকা অৱস্থাত। ছবি-- নৰ্থইষ্ট নাও।

দেশৰ বিভিন্ন ঠাইত লকডাউনৰ মাজত বহুসংখ্যক শ্ৰমিক স্ব-গৃহলৈ ওভতাক লৈ সৃষ্টি হোৱা পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক গৃ্হ মন্ত্ৰ্যালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে।

বৃহৎসংখ্যক লোক নিজ নিজ ঘৰ অভিমুখে ৰাওনা হোৱাটোৱে সামাজিক দূৰত্ব ৰক্ষাৰ বাবে ঘোষণা কৰা লকডাউন উলংঘা কৰিছে বুলি নিৰ্দেশটোত কোৱা হৈছে।

সেয়ে লকডাউন সঠিকভাৱে ৰূপায়ণ কৰাৰ লগতে শ্ৰমিকসকলৰ আৰ্থিক কঠিনতা প্ৰশমন কৰাৰ বাবে কিছু নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ঘূৰি অহা শ্ৰমিকসকলৰ লগতে দৰিদ্ৰ লোকসকলৰ বাবে অস্থায়ী থকা আৰু খোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে নিজ ৰাজ্য বা চহৰলৈ বুলি উভটি অহা লোকসকলক সংশ্লিষ্ট ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ কুৱাৰেণ্টাইন ব্যৱস্থাত মান্য স্বাস্থ্য প্ৰট’কল অনুযায়ী ন্যূনতম ১৪ দিন সঠিক স্ক্ৰীনিঙৰ পিছত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশটোত কোৱা হৈছে যে লকডাউনৰ সময়ত ব্যৱসায় বন্ধ থকা সময়ৰ বাবে সকলো উদ্যোগ, দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকে সঠিক তাৰিখত কামৰ ঠাইত দৰমহা নকটাকৈ শ্ৰমিকসকলক তেওঁলোকৰ হাজিৰা প্ৰদান কৰিব লাগিব।

তাৰোপৰি কোৱা হৈছে যে প্ৰব্ৰজনকাৰী শ্ৰমিককে ধৰি শ্ৰমিকসকল যদি ভাৰাঘৰত থাকে, তেন্তে এমাহৰ বাবে ভাৰাঘৰৰ মালিকে ভাৰা দাবী কৰিব নোৱাৰিব।

কোনো ভাৰাঘৰৰ মালিকে যদি শ্ৰমিক, ছাত্ৰ-ছাত্ৰীক তেওঁৰ স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়ে তেন্তে সেই মালিকজন আইনমতে জগৰীয়া হ’ব।

এইসমূহ নিৰ্দেশৰ উলংঘনৰ ক্ষেত্ৰত দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশসমূহ ৰূপায়ণৰ ক্ষেত্ৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক ব্যক্তিগতভাৱে জৱাবদিহি কৰা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।