কৃষকৰ ফচল চৰকাৰক কিনা-বেচা কৰাৰ আহ্বান কংগ্ৰেছৰ

সৰ্বত্ৰে কৰনাৰ আতংক৷ কৰনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে মে’ পৰ্যন্ত লকডাউন ঘোষনা কৰিছিল৷ এই লকডাউনৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ লগতে কৃষক সমাজ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে৷

বৰ্তমানৰ কৃষকসকলে উৎপাদন কৰা ফচলসমূহ অসম কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি জিলাই জিলাই বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে৷

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয়, বিভাগটোৱে বিবৃতি আৰু সভাসমিতি পতাৰ বাহিৰে খেতিপথাৰ পৰিদৰ্শন কৰি লাভ নাই এই সময়ত৷ বৰ্তমানৰ কৃষক সকলে উৎপাদন কৰা ফচলসমূহ অসম কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি জিলাই জিলাই বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ ফলত কৃষক ৰাইজেও সকাহ পাব লগতে ক্ৰেতা ৰাইজেও প্ৰয়োজন অনুসৰি শাক পাচলি লাভ কৰিব পাৰিব।

এনে দুৰ্ভাগ্যজনক মুহূৰ্তত অসম চৰকাৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থা বৰ পুতৌজনক বুলি আখ্যা দি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওযোগে কয়,কৃষক ৰাইজে বেংক তথা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৰা খেতিৰ বিপৰীতে বিক্ৰী কৰিব নোৱাৰি ফচল এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে৷ একাংশই আত্মহত্যাৰ দৰে কথাও ভবিব লোৱাটো পৰিলক্ষিত হৈছে।

ইপিনে মুখ্য মন্ত্ৰী সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাক বাস্তৱৰ ক্ষেত্ৰখনলৈ আহিবলৈ অনুৰোধ কৰি মুখপাত্ৰগৰাকীয়ে কয়,আপোনালোকে বিনামূলীয়াকৈ যোগান ধৰা টেক্টৰসমূহেৰে পথাৰ সমূহ চহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক৷ কঠিয়াৰ লগতে উন্নত বীজ, সাৰ আৰু ডিজেলৰ যোগান ধৰি কৃষকক বৰ্তমানৰ সময়ৰ লগতে আহি থকা সময়ত সকাহ দিয়া বাবে ব্যৱস্থা কৰক৷ নহ’লে আমিও খাদ্যৰ অভাৱত মৰিম৷”

কংগ্ৰেছ চৰকাৰৰ দিনত আলু আৰু পিয়াঁজৰ মুল্যবৃদ্ধি হৈছিল তেতিয়া কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি সুলভ মূল্যত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰিছিল বুলি কয় ভট্টাচাৰ্য্যই৷

আনহাতে ৰাজ্যৰ শীতলীকৰণ কক্ষসমূহ ব্যৱহাৰৰ বাবে কৃষি বিভাগ সমৰ্থৱান নহয় বুলি কৈ তেওঁ কয় শিঙিমাৰী শীতলীকৰণ কক্ষটো কোনোবা বনিয়াক মচলা ৰখাৰ বাবে ভাড়া দিয়াৰ হঠকাৰী সিদ্ধান্তক বাতিল কৰি সেই অঞ্চলত উৎপাদিত সামগ্ৰী ৰখাৰ ব্যৱস্থা কৰক৷

“যোৰহাটৰ শীতলীকৰণ কক্ষতো একমাত্ৰ বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে সেইটো কাৰ্যক্ষম হৈ উঠা নাই,তেওঁ কয়৷

ৰাজ্যৰ শীতলীকৰণ কক্ষ যিমান আছে সেইকেইটা ব্যৱহাৰ কৰাৰ বাবে আপোনালোক সমৰ্থৱান হোৱা নাই বুলি অপূৰ্ব ভট্টাচাৰ্য্যই তীব্ৰ সমালোচনা কৰাৰ লগতে গাহৰি জ্বৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা গাহৰিৰ গৰাকীক উচিত ক্ষতিপূৰণ দিয়াৰ পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷