কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ সময়ত দেশজুৰি অভিভাৱক, ছাত্ৰ-ছাত্ৰী বহুমূলীয়া শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকাত ভোগাৰ সময়ত গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগে কেইবাটাও ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।
জিলাখনৰ মাধ্যমিক শিক্ষা বিভাগৰ উদ্যোগত অহা ২৫ এপ্ৰিলত অষ্টমৰ পৰা দশমমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক অনলাইন মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে।
জিলা পৰিদৰ্শক ড০ সমীৰণ বৰাৰ নেতৃত্বত জিলাখনৰ ১৬০ খনৰো অধিক উচচ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰথম পৰ্য্যায়ৰ লকডাউনৰ সময়তে যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছিল অনলাইন পাঠদান।
অনলাইন মূল্যায়নৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ আৰু পোনপটীয়া হ’ব। এদিনত প্ৰতি শ্ৰেণীৰ দুটাকৈ বিষয় লৈ মুঠতে ২৮ এপ্ৰিললৈ এই মূল্যায়ন ব্যৱস্থা চলিব।
যিসকল ছাত্ৰ-ছাত্ৰীৰ ‘এণ্ড্ৰইড’ ফোন নাই, সেইসকল ছাত্ৰ-ছাত্ৰীক সহায় কৰিবৰ বাবে সেই অঞ্চলৰ মহাবিদ্যালয় পৰ্য্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে।
মোবাইল ফোন, হোৱাটছএপ আৰু গোলাঘাট জিলাৰ পৰিদৰ্শকৰ নেতৃত্বত সৃষ্টি কৰা ইউটিউবৰ জৰিয়তে জিলাখনৰ প্ৰায় ৯০% শতাংশ ছাত্ৰ ছাত্ৰীক অনলাইন পাঠদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰোপৰি প্ৰতিখন বিদ্যালয়ৰ শিক্ষকে ‘জুম’ এপৰ জৰিয়তে সকলো বিষয়তে অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান অব্যাহত ৰাখিছে।
বিদ্যালয় পৰিদৰ্শকৰ উদ্যোগতো কেন্দ্ৰীয়ভাৱে যোৱা ২৩ এপ্ৰিলৰ পৰা নিয়মীয়াকৈ অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে।
জিলাখনৰ অষ্টম, নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিটো বিষয়ত মুঠ ৩৭ গৰাকী অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দি থকা হৈছে।
গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগৰ নিজা ৱেবছাইটৰ লগত “গুগল মীত” প্লেটফৰ্মৰ জৰিয়তে এই পাঠদান কৰি থকা হৈছে।
এই পাঠদান পুৱা ৮ বজাৰ পৰা ১০ বজালৈ, পুনৰ ১১ বজাৰ পৰা ১-৪০ বজা পৰ্য্যন্ত অনুষ্ঠিত হয়। তেনেদৰে আবেলি ৪ বজাত আৰম্ভ হৈ ৬-৪০ বজাত শেষ হয়।
কেন্দ্ৰীয়ভাৱে একেলগে পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা অনলাইন পাঠদানৰ প্ৰচেষ্টাই জিলাখনৰ মুঠ ৪৬হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৯হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে।
মাধ্যমিক শিক্ষা বিভাগৰ জিলা পৰিদৰ্শক ড০ বৰাৰ এই প্ৰচেষ্টা হয়তো ৰাজ্যৰ ভিতৰতে প্ৰথম।
ইয়াৰদ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি সমূহ বিদ্যালয়ৰ মুৰব্বী আৰু অভিভাৱকসকলে জনাইছে।
ইয়াৰ উপৰিও এই সমগ্ৰ কাৰ্য্যসূচীত স্নাতক বা স্নাতক শাখাত অধ্যয়নৰত বিদ্যালয়সমূহৰ আগ্ৰহী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলকো জৰিত কৰোৱা হৈছে।
ইতিমধ্যে মুহিৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেৰগাওঁ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ন-ভঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিয়ে এই ক্ষেত্ৰত বহু পৰিমাণে সফলতা লাভ কৰিছে বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে।
লকডাউনৰ দৰে জটিল আৰু দীঘলীয়া সময়খিনিত জিলাখনৰ মাধ্যমিক স্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিকপঞ্জী ৰক্ষাৰ বাবে গোলাঘাট জিলা মাধ্যমিক শিক্ষা বিভাগে গ্ৰহণ কৰা উদ্যোগক সকলোৱে আদৰণি জনাইছে।